গুৱাহাটী, ২৬ জুন: গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ(Radisson Blu) শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বৈয়েই আছে (Maharashtra rebel MLA in Guwahati)। দেওবাৰে বিসম্বাদীৰ শিৱিৰটোলৈ আগমন ঘটিছে আৰু এজন সদস্যৰ ।
দেওবাৰে পুনৰ এগৰাকী শিৱসেনাৰ বিধায়ক তথা মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী উদয় সামন্তে ৰেডিশ্বন ব্লু’ৰ অভিমুখে ৰাওনা হোৱাৰ খবৰ লাভ কৰা গৈছে । শিৱসেনাৰ বিসম্বাদী নেতা উদয় সামন্ত ছুৰাটৰ পৰা বিমানযোগে গুৱাহাটী অভিমুখে ৰাওনা হৈছে (Maharashtra MLA Uday Samant)।
![ৰেডিশ্বনলৈ আৰু এজন বিসম্বাসী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15662762_chsa.jpg)
উল্লেখ্য যে, বুধবাৰৰ পৰা শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়ককসকলে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে (Maharashtra political crisis)। এতিয়ালৈ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 47 জন । ইয়াৰে শিৱসেনাৰ 38 জন আৰু 9 জন নিৰ্দলীয় । দেওবাৰে আগমন ঘটা মন্ত্ৰীজন হোটেলখনত উপস্থিত হ’লে হোটেলখনত বিসম্বাদী বিধায়কৰ সংখ্যা 48 লৈ বৃদ্ধি পাব ।
লগতে পঢ়ক: অৱশেষত হোটেল ৰেডিশ্বন ব্লুৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা