গুৱাহাটী, 4 ডিচেম্বৰঃ বুধবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ পৰা জব্দ কৰে 664 গ্ৰাম ওজনৰ সোণৰ চাৰিখন বিস্কুট ৷ ক'চ নম্বৰ B-11ৰ 30 নম্বৰ চিটৰ পৰা তিনিচুকীয়া মিত্ৰা বাহাদুৰ ছেত্ৰীৰ পৰা জব্দ কৰে সোণৰ বিস্কুট কেইখন ৷ জব্দকৃত বিস্কুটৰ মূল্য প্ৰায় 24 লাখ টকা বুলি জানিবলৈ দিয়ে ৰে'ল আৰক্ষীয়ে । ৰে'ল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,জব্দ কৰা সোণৰ বিস্কুট কেইখন গুৱাহাটী পৰা বিহাৰৰ কৃষাণগঞ্জলৈ যোৱা হৈছিল । মিত্ৰা বাহাদুৰ ছেত্ৰী মঙলবাৰে নিশা অবধ অসম এক্সপ্ৰেছ ৰে'লৰ জৰিয়তে গুৱাহাটীলৈ আহিছিল।
বুধবাৰে পুৱা গুৱাহাটীৰ পৰা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে যোৱাৰ সময়তে ৰে'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ৰে'ল আৰক্ষীয়ে এই সম্পৰ্কে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃগড়চুকত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী