ETV Bharat / state

মহানগৰীৰ আদাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু - আদাবাৰী

আদাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শ্ৰমিক জনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে কৰ্মৰত আটাইকেইজন শ্ৰমিকক আটক কৰে জালুকবাৰী আৰক্ষীয়ে ৷

ETV BHARAT
মহানগৰীৰ আদাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু
author img

By

Published : Apr 25, 2020, 7:36 PM IST

গুৱাহাটী, 25 এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ আদাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হয় । গুৰুতৰভাৱে আহত হয় আন দুজন শ্ৰমিক ।

মহানগৰীৰ আদাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

লক ডাউনৰ মাজতে শনিবাৰে মহানগৰীৰ আদাবাৰীত সংঘটিত হয় এক অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন শ্ৰমিক। NCS pvt ltd নামৰ কোম্পানী এটাই নিৰ্মাণ কৰা অট্টালিকাত কাম কৰিছিল শ্ৰমিক জনে ৷ আনহাতে,অট্টালিকাটোৰ নিৰ্মাণ স্থলীৰ সমীপতেই উন্মুক্ত বিদ্যুতৰ তাঁৰ পৰি আছিল । সেই বিদ্যুৎৰ তাঁৰত স্পৰ্শ হৈ মৃত্যু হয় শ্ৰমিকজনৰ । মৃত লোকজন ধূপধাৰাৰ জৌজ ৰায় বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে,দুদিন পূৰ্বে আৰক্ষীয়ে অট্টালিকাটোৰ নিৰ্মাণ কাম বন্ধ কৰাৰ নিৰ্দেশ দিছিল যদিও NCS pvt ltd কোম্পানীটোৱে চলাই আছিল অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য । ইয়াৰ ফলতেই সংঘটিত হয় এই ঘটনাটো ৷ উক্ত ঘটনাটো স্থানীয় লোকে জালুকবাৰী আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত শ্ৰমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ লগতে অট্টালিকাটোত কৰ্মৰত আটাইকেইজন শ্ৰমিকক ইতিমধ্যে আটক কৰিছে জালুকবাৰী আৰক্ষীয়ে ।

লগতে পঢ়ক- মান্দোলী কাৰাগাৰৰ কাৰাবন্দীৰ মাজত মাৰপিটৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.