ETV Bharat / state

Dead body rescue in Guwahati : বামুনীমৈদানৰ নলাত মৃতদেহ উদ্ধাৰ - মহানগৰীৰ বামুনীমৈদানত উদ্ধাৰ হ'ল আন এটি মৃতদেহ

ৰাজ্য ক্ৰমাৎ উদ্ধাৰ হৈছে ইটোৰ পাচত সিটোকৈ মৃতদেহ (Dead bodies rescue in Guwahati) ৷ যাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ গুৱাহাটী মহানগৰীত ৷ সমান্তৰালকৈ বুধবাৰৰ দিনটোত পুনৰ মহানগৰীৰ বামুনীমৈদানত উদ্ধাৰ হ'ল আন এটি মৃতদেহ (One dead body rescue at Bamunimaidan)৷

one-dead-body-rescue-at-bamunimaidan-in-guwahati
বামুনীমৈদানৰ নলাত মৃতদেহ উদ্ধাৰ
author img

By

Published : Apr 13, 2022, 10:33 PM IST

গুৱাহাটী, ১৩ এপ্ৰিল : অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে উত্তৰ-পূৱৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰী । স্মাৰ্ট আৰক্ষীৰ দুৰ্বলতাৰ বাবে প্ৰতিদিনে মহানগৰীত বৃদ্ধি পাইছে এটাৰ পিছত আনটোকৈ অপৰাধজনিত ঘটনা । মহানগৰীৰ বামুনীমৈদান অঞ্চলত বুধবাৰে পুনৰ এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Dead body rescue in Guwahati) ।

বামুনিমৈদানৰ ৰে'লৱে ক'লনীৰ নলাত পৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰা প্ৰায় ৪৫ বছৰ বয়সৰ মৃতদেহটো কোনো লোকে হত্যা কৰি নলাত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । স্থানীয় লোকে বিয়লি ভাগত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিছিল আৰক্ষীক (One dead body rescue at Bamunimaidan)।

বামুনীমৈদানৰ নলাত মৃতদেহ উদ্ধাৰ

ইয়াৰ পিছত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । স্বাভাৱিকতে উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে একে স্থানতে উদ্ধাৰ হৈছিল কাজল চন্দ্ৰ দাস নামৰ আন এজন লোকৰ মৃতদেহ । বুধবাৰে উদ্ধাৰ হোৱা লোকজনৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তত পানীত পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে । মন কৰিবলগীয়া কথা এয়ে যে, বামুনিমৈদামৰ একেটা স্থানতে কিছুদিন পূৰ্বে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই পুনৰ আন এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক : GMCH ত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.