ETV Bharat / state

মেগা টীকাকৰণ : এদিনতে ৭.৪২ লাখ লোকৰ অংশগ্ৰহণ - স্বাস্থ্যকৰ্মী

বিশাল টীকাকৰণ অভিযান কাৰ্যসূচী ৰাজ্যৰ মুঠ ৪,৫৭৫ টা ভেকচিন চেণ্টাৰত হৈছিল । ইয়াৰে ৪,৫৫৭ টা আছিল চৰকাৰী আৰু ১৮ টা আছিল বেচৰকাৰী চেণ্টাৰ । ৰাজ্যৰ ৩৩ খন জিলাক সামৰি মেগা টীকাকৰণ অভিযানৰ যোগেদি এটা দিনত ৮ লাখ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে । বিগত ২৪ ঘণ্টাত মুঠ ২৭০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৯ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে ।

one day 7.42 lakh vaccination in assam
মেগা টীকাকৰণ : এদিনতে ৭.৪২ লাখ লোকৰ অংশ গ্ৰহণ
author img

By

Published : Sep 18, 2021, 11:36 AM IST

গুৱাহাটী, 18 ছেপ্তেম্বৰ : ৰাজ্যত এটা দিনত ৭.৪২ ল‍াখ লোকে ক'ভিড ভেকচিন লৈ অভিলেখ সৃষ্টি কৰিলে । অসমক ক'ভিডমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অব্যাহত ৰখা হৈছে ক'ভিড প্ৰতিষেধক অভিযান ৷ এই অভিযানৰ অংশৰূপে সকলো জিলা সামৰি শুকুৰবাৰে আয়োজন কৰা ''বিশাল ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী" লৈ বিপুল সঁহাৰি জনাই ৰাজ্যবাসীয়ে ।

one day 7.42 lakh vaccination in assam
মেগা টীকাকৰণ : এদিনতে ৭.৪২ লাখ লোকৰ অংশ গ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা এই বৃহৎ কাৰ্যসূচীৰ জৰিয়তে শুকুৰবাৰৰ দিনটোত নিশালৈ ৭.৪২ লাখ লোকক ক'ভিডৰ টীকা প্ৰদান কৰা হয় । এই বিশাল টীকাকৰণ অভিযান কাৰ্যসূচী ৰাজ্যৰ মুঠ ৪,৫৭৫ টা ভেকচিন চেণ্টাৰত হৈছিল । ইয়াৰে ৪,৫৫৭ টা আছিল চৰকাৰী আৰু ১৮ টা আছিল বেচৰকাৰী চেণ্টাৰ ।

লগতে পঢ়ক: উপ নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগৰে চৰ্চাত বিৰোধী দল কংগ্ৰেছ

ৰাজ্যৰ ৩৩ খন জিলাক সামৰি মেগা টীকাকৰণ অভিযানৰ যোগেদি এটা দিনত ৮ লাখ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে ।

one day 7.42 lakh vaccination in assam
ৰাজ্যত আছে মুঠ ৪৫৭৫ টা ভেকচিন চেণ্টাৰ

অৱশ্যে সম্পূৰ্ণ ৮ লাখ নহলেও লক্ষ্যত প্ৰায় উপনীত হোৱা বুলি ক'ব পাৰি । এটা দিনত ৭.৪২ লাখ লোকক টীকা প্ৰদান কৰা সাধাৰণ কথা নহয় । শুকুৰবাৰৰ দিনটোত ৭.৪২ লাখ টীকাকৰণৰ যোগেদি ৰাজ্যখনত ২.১৬ কোটিৰো অধিক লোকে এতিয়ালৈকে ক'ভিড ভেকচিন গ্ৰহণ কৰিলে ।

লগতে পঢ়ক: INX মিডিয়া গোচৰ : দিল্লীৰ আদালতত পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি

জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ স্বাস্থ্য বিভাগে চলোৱা এই বিশাল ক'ভিড প্ৰতিষেধক কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ৰাজ্যবাসীৰ লগতে সকলো ANM-GNM তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়াৰ প্ৰতি কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ইফালে অসমত বিগত ২৪ ঘণ্টাত মুঠ ২৭০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৯ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে ।

one day 7.42 lakh vaccination in assam
মেগা টিকাকৰণ অভিযান

অসমত এই পৰ্যন্ত ৫,৯৭,৩৪৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৫,৭৮৮ গৰাকীৰ মৃত্যু হৈছে । ৰাজ্যত বৰ্তমান মৃত্যুৰ হাৰ হৈছে .৯৭ শতাংশ আৰু ১,৩৪৭ গৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ অন্যান্য ৰোগৰ ফলত মৃত্যু হৈছে । বৰ্তমান অসমত ৩,৮১৮ গৰাকী ক'ভিড ৰোগী আছে ।

লগতে পঢ়ক: আড়ম্বৰপূৰ্ণভাৱে উদযাপন পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.