ETV Bharat / state

গাঞ্জা সহ সৰবৰাহকাৰীক আটক সাতগাওঁ আৰক্ষীৰ - Ganja

এইবাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান মহানগৰ আৰক্ষীৰ । সাতগাঁও আৰক্ষীয়ে পাথৰকুঁৱৰীত অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা সহ এজন লোকক গ্ৰেপ্তাৰ কৰে ।

One arrested with Ganja in satgaon
গাঞ্জা সহ সৰবৰাহকাৰীক আটক সাতগাওঁ আৰক্ষীৰ
author img

By

Published : Oct 9, 2021, 5:56 PM IST

গুৱাহাটী, ৯ অক্টোবৰ: নিষিদ্ধ ড্ৰাগছৰ পিছত এইবাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে । এই অভিযানৰ অংশ স্বৰূপে মহানগৰীৰ পাথৰকুঁৱৰীত সাতগাঁও আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা সহ এজন লোকক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে আটক কৰা ধৃত সৰবৰাহকাৰীজন হৈছে মহানগৰীৰ পাথৰকুঁৱৰী অইল ইণ্ডিয়া গেটৰ সমীপৰৰ বাসিন্দা মতলিব আলি(২৪) । ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে প্ৰায় তিনি কেজি গাঞ্জা সহ নগদ 41,750 টকা জব্দ কৰিবলৈ সক্ষম হয় ।

এক গোপন সূত্ৰৰ পম খেদি সাতগাঁও আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান । আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত সৰবৰাহকাৰীটোৱে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত গাঞ্জাৰ সৰবৰাহ কৰি আহিছিল । ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 20(B) NDPS Act ৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অসম বিধানসভাৰ উপ নিৰ্বাচন: পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.