ETV Bharat / state

মাৰ্চত অসমলৈ স্থানান্তৰ হ’ব অইলৰ মুখ্য কাৰ্যালয়

author img

By

Published : Feb 26, 2022, 1:13 PM IST

ৰাজ্যখনৰ বাবে এক সুখবৰ ৷ নক’লেও হ’ব যে, বিগত সুদীৰ্ঘ সময়জুৰি অইলৰ মুখ্য কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী তুলি আহিছিল ৷ সেই দাবী বাস্তৱায়িত হোৱাৰ পথত ৷ চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰিত (Oil headquarters to be shifted to Assam in March) হ’ব ৷

Oil headquarter to be shifted to Assam in March
মাৰ্চত অসমলৈ স্থানান্তৰ হ’ব অইলৰ মুখ্য কাৰ্যালয়

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : সুদীৰ্ঘ সময়জুৰি উত্থাপিত হৈ অহা এটা দাবীয়ে বাস্তৱ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে ৷ চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় গুৱাহাটীলৈ (Oil headquarter to be shifted to Assam in March) স্থানান্তৰিত হ’ব ৷ সম্প্ৰতি নয়ডাত অৱস্থিত অইলৰ মুখ্য কাৰ্যালয়ৰ পৰাই প্ৰতিষ্ঠানটোৰ সকলো কাম-কাজ পৰিচালিত হৈ আহিছে যদিও আগন্তুক সময়ত মুখ্য কাৰ্যালয় স্থানান্তৰিত হোৱাৰ পিছত সকলো কাম-কাজ গুৱাহাটীৰ পৰাই পৰিচালিত হ’ব ৷

শনিবাৰে ইটিভি ভাৰতৰ আগত এই কথা সদৰী কৰিছে কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় - "অহা মাহতেই অইলৰ মুখ্য কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰিত হ’ব ৷ প্ৰথমাৱস্থাত জু-ৰোডৰ এটা ভাড়াঘৰত এই মুখ্য কাৰ্যালয়টো স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

পৰৱৰ্তী সময়ত স্থায়ী চৌহদলৈ কাৰ্যালয়টো স্থানান্তৰ কৰা হ’ব ৷ অসম চৰকাৰে অইলৰ মুখ্য কাৰ্যালয় স্থায়ীভাৱে নিৰ্মাণ কৰিবলৈ নুনমাটি অঞ্চলত ইতিমধ্যে 12 বিঘা মাটি আৱণ্টন দিছে ৷ সেই 12 বিঘা মাটিতে অইলৰ স্থায়ী মুখ্য কাৰ্যালয়টো নিৰ্মাণ কৰা হ’ব"৷

স্বাভাৱিকতে ৰাজ্যখনৰ বাবে ই এক সুখবৰ ৷ নক’লেও হ’ব যে, বিগত সুদীৰ্ঘ সময়জুৰি অইলৰ মুখ্য কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী তুলি আহিছিল ৷

ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ বিগত পোন্ধৰ বছৰীয়া শাসনৰ সময়ত একাধিকবাৰ অইলৰ মুখ্য কাৰ্যালয়টো নয়ডাৰ পৰা অসমলৈ স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও প্ৰতিবাৰেই ৰহস্যময় কাৰণত এই প্ৰক্ৰিয়া থমকি ৰৈছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ এক শক্তিশালী আমোলা-লবীৰ বাবেই এই স্থানান্তৰ প্ৰক্ৰিয়া বাৰে বাৰে স্থবিৰ হৈ পৰিছিল বুলিও চৰ্চা চলি আহিছিল ৷

লগতে চাওক: গুৱাহাটীত ফুটবল কিংবদন্তি বাইচুং ভুটিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.