ETV Bharat / state

ডাঙৰ খবৰ: মহানগৰীত বৃদ্ধি এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা - Workshop on Hiv Aids at Guwahati Press club

গুৱাহাটীত বৃদ্ধি HIV ৰ সংক্ৰমণ (HIV AIDS cases increase in Guwahati) ৷ প্ৰাপ্তবয়স্ক লোকৰ মাজত উদ্বেগজনকভাৱে বাঢ়িছে এই ৰোগৰ সংক্ৰমণ ৷ কামৰূপ(ম) জিলাৰ এইডছ বিষয়া ডাঃ মৃদুল ভাৰতী নাথে সংবাদ মাধ্যমৰ আগত সদৰী কৰে এই তথ্য ৷

number-of-hiv-aids-positive-increase-in-kamrup-metro
মহানগৰীত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি
author img

By

Published : Mar 31, 2022, 1:08 PM IST

গুৱাহাটী, 31 মাৰ্চ: মহানগৰী গুৱাহাটীত বৃদ্ধি পাইছে HIV ৰ সংক্ৰমণ (HIV AIDS patients increase in Guwahati) ৷ পূৰ্বৰ তুলনাত মহানগৰীত বৃদ্ধি পাইছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ প্ৰাপ্তবয়স্ক লোকৰ মাজত উদ্বেগজনকভাৱে বাঢ়িছে এই ৰোগৰ সংক্ৰমণ ৷ এই ভয়ংকৰ তথ্য সদৰী কৰিছে কামৰূপ(ম) জিলা এইডছ নিয়ন্ত্ৰণ চ’ছাইটিয়ে ৷

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত এক কৰ্মশালা (Workshop on Hiv Aids at Guwahati Press club) ত কামৰূপ(ম) জিলাৰ এইডছ বিষয়া ডাঃ মৃদুল ভাৰতী নাথে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ২০৩০ চনৰ ভিতৰত এইডছ মুক্ত ভাৰত গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে ৷ বিগত বৰ্ষৰ ৩১ অক্টোবৰলৈ ৰাজ্যত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ২১,২২৩ গৰাকী ৷ ইয়াৰ ভিতৰত ৩৩% ৰোগীয়ে কামৰূপ(ম) ৰ ৷ ৰাজ্যৰ ভিতৰতে কামৰূপ(ম) ত আক্ৰান্তৰ হাৰ সৰ্বাধিক ৷

মহানগৰীত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি

অসমত এইডছ আক্ৰান্তৰ হাৰ হৈছে .৯% ৷ চলিত বৰ্ষৰ জানুৱাৰীলৈ গুৱাহাটী মহানগৰীত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৭,০৮৭ গৰাকী ৷ তাৰ ভিতৰত ৫,০৮৬ গৰাকী সাধাৰণ নাগৰিক, ২৩৪ টা শিশু আৰু ১,৭৬৭ গৰাকী আছিল গৰ্ভৱতী মহিলা ৷ তেওঁ লগতে কয় যে, ২০০৫ চনৰ তুলনাত ২০২০ চনত এইডছত আক্ৰান্ত শিশুৰ হাৰ হ্ৰাস পোৱাৰ লগতে ৰোগীৰ মৃত্যুৰ সংখ্যা ৫০ % লৈ হ্ৰাস পাইছিল ৷

কিন্তু অতি পৰিতাপৰ কথা যে, এইক্ষেত্ৰত প্ৰাপ্তবয়স্ক ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ইপিনে কামৰূপ(ম) ত HIV-ত আক্ৰান্ত মহিলা যৌনকৰ্মীৰ দ্বাৰা সংক্ৰমণ বৃদ্ধি পাইছে ৷

লগতে চাওক: NRC পুনৰীক্ষণৰ দাবীৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.