গুৱাহাটী, 21 ডিচেম্বৰ : অইলৰ বৰ্তমান মজুত থকা পাম্পিং ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে 18 ডিচেম্বৰত নুমলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল) আৰু অইল ইণ্ডিয়া লিমিটেড (অইল) য়ে MoU ত স্বাক্ষৰ কৰে ৷ নুমলীগড় শিলিগুৰি পাইপলাইন(এনএছপিএল) ৰে অইলৰ পাম্পিং ক্ষমতা বৃদ্ধি কৰাৰ বাবে লগতে পণ্য নিষ্কাশন 1.72 MMTPA ৰ পৰা 5.50 MMTPA লৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে এন আৰ এল আৰু অইলে MoU ত স্বাক্ষৰ কৰিছে ৷
এনআৰএলৰ মেগা ৰিফাইনেৰী প্ৰসাৰণ প্ৰকল্পৰ সৈতে একেলগ কৰিব পৰাকৈ মটৰ স্পিৰিট (পেট্ৰল), HSD(ডিজেল) আৰু SKO(কেৰাচিন) সম্বলিত এনএছপিএল ৰ ক্ষমতা 2024 ৰ শেষৰ ভাগলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে ৷
ভাৰত চৰকাৰৰ পাব্লিক এন্টাৰপ্ৰাইজ বিভাগৰ সচিব শ্ৰী শৈলেশৰ উপস্থিতিত এনআৰএলৰ পাইপলাইন প্ৰকল্পৰ মুৰব্বী এম কে পেগু আৰু অইল ইণ্ডিয়া লিমিটোডৰ পাইপলাইন চিজিএম সন্দীপ গোস্বামীয়ে এই MoU ত স্বাক্ষৰ কৰে ৷
MoU স্বাক্ষৰৰ জৰিয়তে গ্ৰহণ কৰা এই ব্যৱস্থাই উৎপাদন নিষ্কাশনৰ পাছত ৰিফাইনেৰীৰ প্ৰসাৰত এনআৰএলক সহায় কৰিব বুলি জানিব পৰা গৈছে ৷ MoU স্বাক্ষৰৰ সময়ত এনআৰএল আৰু অইলৰ এচ কে বৰুৱা, এচ চি মিশ্ৰা, বি জে ফুকন, ইন্দ্ৰনীল মিত্ৰা, হৰিষ মাধৱ কে ধৰি অন্য জ্যেষ্ঠ বিষয়াসকল এনআৰএলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত উপস্থিত থাকে ৷
লগতে পঢ়ক:গুৱাহাটীত উপস্থিত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি