ETV Bharat / state

নিৰ্দেশ জাৰি কৰি বিমোৰত পৰিছে এন আৰ চি কৰ্তৃপক্ষ

author img

By

Published : Jan 8, 2021, 4:45 PM IST

নিজাববীয়াকৈ নিৰ্দেশ জাৰি কৰি এতিয়া বিমোৰত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱা সকলো অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ কৰ্তৃপক্ষই দিয়া নিৰ্দেশ সন্দৰ্ভত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে ।

নিজেই নিৰ্দেশ জাৰি কৰি এতিয়া বিপাঙত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ

গুৱাহাটী, ৮ জানুৱাৰী: চৌদিশে ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষৰ এক নিৰ্দেশে এতিয়া ওলোটাই এন আৰ চি কৰ্তৃপক্ষকেই সমস্যাত পেলাইছে । উল্লেখ্য যে,প্ৰায় দুমাহ পূৰ্বে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই সম্পূৰ্ণ নিজাববীয়াকৈ সকলো জিলা উপায়ুক্তলৈ এক নিৰ্দেশ জাৰি কৰিছিল । এই নিৰ্দেশযোগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱা সকলো অযোগ্য ব্যক্তিৰ নাম তাৎক্ষণিকভাৱে কৰ্তন কৰিবলৈ কোৱা হৈছিল ।

কিন্তু যি সময়ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চিৰ কাম চলি আছে, সেই সময়ত ৰাজ্যিক সমন্বয়কগৰাকীয়ে কেনেকৈ নিজাববীয়াকৈ এনে নিৰ্দেশ জাৰি কৰিব পাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি শৈবাল গুপ্তা নামৰ এগৰাকী অধিবক্তা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । ই টি ভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, এই প্ৰসংগত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে ।

চলিত মাহৰ শেষৰ ফালে উচ্চতম ন্যায়ালয়ে ইয়াৰ শুনানি গ্ৰহণ কৰিব । সেয়ে, নিৰ্দেশ জাৰি কৰি এতিয়া বাৰুকৈয়ে বিমোৰত পৰিছে এন আৰ চি কৰ্তৃপক্ষ ।

লগতে পঢ়ক:চিৰাঙত ব্ৰক্ষ্ম ধৰ্ম পৰিচালনা কমিটীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.