ETV Bharat / state

No salaries: পাঁচ মাহে দৰমহা পোৱা নাই NRCৰ দুই শতাধিক কৰ্মচাৰীয়ে

এন আৰ চিৰ কাম-কাজত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীসকলে দৰমহা নোপোৱাৰ বাবে যথেষ্ট কষ্টৰ সম্মূখীন হ’ব লগা হৈছে (NRC employees have not received their salaries)। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ অৱহেলাৰ বাবে এন আৰ চিৰ কাম-কাজত জড়িত ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিড়ম্বনা সহিব লগীয়া হৈছে ।

Contractual employees of NRC are not getting salaries in Assam
পাঁচ মাহে দৰমহা পোৱা নাই NRCৰ দুই শতাধিক কৰ্মচাৰীয়ে
author img

By

Published : Aug 4, 2022, 2:06 PM IST

গুৱাহাটী, 4 আগষ্ট: বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিতৌ ন ন আচঁনিৰ বাবদ কোটি-কোটি টকা ঋণ ঠিকেই লৈ আহিছে; কিন্তু ৰাজ্যত বিভিন্ন কাম-কাজত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীসকলে সময়মতে নিজৰ কৰ্মৰ বিনিময়ত নাপায় দৰমহা ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ ভূক্তভোগী ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ৷

উল্লেখ্য যে, এন আৰ চিৰ কামত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীসকলে দৰমহা নোপোৱাৰ বাবে যথেষ্ট কষ্টৰ সম্মূখীন হ’ব লগা হৈছে (NRC employees have not received their salaries)। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ অৱহেলাৰ বাবে এন আৰ চিৰ কাম-কাজত জড়িত ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিড়ম্বনা সহিব লগীয়া হৈছে ।

উল্লেখযোগ্য যে, সম্প্ৰতি প্ৰায় দুই শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে এন আৰ চিৰ কামত জড়িত হৈ আছে। তেওঁলোকে যোৱা পাঁচ মাহে দৰমহা নোপোৱাৰ অভিযোগ। বিত্ত বিভাগে এন আৰ চি কর্তৃপক্ষক পুঁজি মোকোলাই নিদিয়াৰ বাবে কৰ্মচাৰীসকল দৰমহাৰপৰা বঞ্চিত হৈছে। মনকৰিবলগীয়া যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা প্ৰকাশ হোৱাৰ পাছৰে পৰাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বহু প্ৰতিশ্ৰুতি দিছিল ।

ৰাজ্য চৰকাৰে এন আৰ চিৰ তালিকা পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰি এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰা হ'ব বুলি ন-দি কৈছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি সময়ত ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ এতিয়া এন আৰ চিৰ কাম-কাজত জড়িত ঠিকাভিত্তিক কৰ্মচাৰীয়েও দৰমহা নোপোৱা হৈছে ।

উল্লেখ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক এখন শুদ্ধ এন আৰ চিৰ প্ৰতিশ্ৰুতি দিহে ভোটাৰৰ সমর্থন পাইছিল। ২০১৬ চনত অসমত প্ৰথমবাৰৰ বাবে বিজেপিৰ নেতৃত্বত এখন চৰকাৰ গঠন হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথম এন আৰ চিৰ মুখ্য কাৰ্যালয়লৈ গৈছিল আৰু এখন শুদ্ধ এন আৰ চিৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পাছত দ্বিতীয়বাৰ অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ল যদিও আজি পর্যন্ত অসমৰ ৰাইজৰ বাবে এখন শুদ্ধ এন আৰ চি প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । চৰকাৰৰ এনে গুৰুত্বহীনতাৰ সময়ত এন আৰ চিৰ কামত জড়িত ঠিকাভিত্তিক কৰ্মচাৰীকো দৰমহা দিয়া হোৱা নাই।

লগতে পঢ়ক: Demand for proper NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিবিআই তদন্তৰ দাবী ইউনাইটেড ট্ৰাষ্ট অৱ অসমৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.