গুৱাহাটী, ৭ মে: কঁপালত ৰাজভোগ লিখা থাকিলে ভাগ্য যি কোনো প্ৰকাৰে উদয় হ'বই । পচন্দৰ প্ৰাৰ্থী নাপাই ন'টাত ভোট দিয়াৰ বাবেই এইবাৰৰ বিধানসভা নিৰ্বাচনত পাঁচগৰকীকৈ প্ৰাৰ্থীৰ ভাগ্য ফুলিল । ন'টাৰ বাবেই পাঁচগৰাকী প্ৰাৰ্থীৰ ভাগ্য সলনি হৈ বিধায়ক হোৱাৰ সুযোগ লাভ কৰিলে । ভাগ্য প্ৰসন্ন থকা পাঁচগৰাকী প্ৰাৰ্থীয়ে প্ৰতিপক্ষ প্ৰাৰ্থীতকৈ যিমানটা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে তাতকৈ বেছি ভোট পৰিছিল ন'টাত । অৰ্থাৎ ন'টাত ভোট নপৰা হ'লে এইকেইগৰাকী প্ৰাৰ্থী হয়টো বিধায়ক হ'বলৈ সক্ষম নহ'লহেতেন।বিধায়ক হোৱা এই ভাগ্যবান প্ৰাৰ্থী কেইগৰাকী হৈছে নাজিৰা সমষ্টিৰ দেৱব্ৰত শইকীয়া, বঢ়মপুৰ সমষ্টিৰ জিতু গোস্বামী, বিজনী সমষ্টিৰ অজয় কুমাৰ ৰয়, দুধনৈ সমষ্টিৰ যাদৱ স্বৰ্গীয়াৰী আৰু টীয়ক সমষ্টিৰ ৰেণুপমা ৰাজখোৱা ।
উল্লেখ যে, এইবাৰৰ নিৰ্বাচনত ১.১৪ শতাংশ ভোট ন'টাত পৰিছিল । অৰ্থাৎ ৰাজ্যৰ ২,১৯,৫৭৮ গৰাকী ভোটাৰে পচন্দৰ প্ৰাৰ্থী নাপাই ন'টাৰ যোগেদি নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিলে । লক্ষণীয় বিষয় যে, নাজিৰা সমষ্টিৰ পৰা জয়ী হোৱা কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই প্ৰতিপক্ষ বিজেপিৰ ময়ুৰ বৰগোহাঁইতকৈ নূন্যতম ৬,৮৩ টা ভোট বেছি লাভ কৰে । ইয়াৰ বিপৰীতে সমষ্টিটোত ন'টাৰ ভোট আছিল ১,৪৭০ টা । দেৱব্ৰত শইকীয়াই মুঠ ৫২,৩৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে ময়ুৰ বৰগোহাঁয়ে লাভ কৰে ৫১,৭০৪ টা ভোট । আনহাতে নিৰ্বাচনৰ আনজন সৌভাগ্যবান প্ৰাৰ্থী হৈছে বিজেপিৰ বঢ়মপুৰ সমষ্টিৰ জিতু গোস্বামী । তেওঁ প্ৰতিপক্ষ কংগ্ৰেছৰ সুৰেশ বৰাতকৈ মাত্র ৭,৫১ টা বেছি ভোট লাভ কৰে । ইয়াৰ বিপৰীতে ন'টাত ভোট পৰিছিল ১,২৯১ টা । সমষ্টিটোত জিতু গোস্বামীয়ে ৭০,১১১ টা ভোট লাভ কৰাৰ বিপৰীতে সুৰেশ বৰাই ৬৯,৩৬০ টা ভোট লাভ কৰে । আন এজন ভাগ্যবান প্ৰাৰ্থী হৈছে বিজেপিৰ বিজনী সমষ্টিৰ অজয় কুমাৰ ৰয়। সমষ্টিটোত অজয় কুমাৰ ৰয়ে ৪৫,৭৩৩ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী বিপি এফৰ কমল সিং নাৰ্জাৰীয়ে লাভ কৰে ৪৪,৭৩০ টা ভোট । ১,০০৩ টা ভোটৰ ব্যৱধানত অজয় কুমাৰ ৰয় জয়ী হয় ।
আনহাতে বিজনীত ন'টাত ভোট পৰিছিল ১,৩৮৮ টা । চতুৰ্থজন ভাগ্যবান প্ৰাৰ্থী হৈছে দুধনৈ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰী । তেওঁ ৭৮,৫৫১ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ শ্যামজিৎ ৰাভাই লাভ কৰে ৭৭,২৭৫ টা ভোট । ১,২৭৬ টা ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছে । সমষ্টিটোত ন'টাত ভোট পৰিছিল ১,৩৬৭ টা। সেইদৰে আনগৰাকী ভাগ্যবান প্ৰাৰ্থী হৈছে টীয়ক সমষ্টিৰ অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা । ৰেণুপমা ৰাজখোৱাই ১,৩৫০ টা ভোটৰ ব্যৱধানত জয়ী হয় । সমষ্টিটোত ১,৯২৭ টা ভোট পৰে ন'টাত । ৰেণুপমা ৰাজখোৱাই ৪৭,৫৫৫ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ পল্লৱী গগৈয়ে লাভ কৰে ৪৬,২০৫ টা ভোট । উল্লেখ যে, এইবাৰ ন'টাৰ ভোটে বহু সমষ্টিৰ সমীকৰণত প্ৰভাৱ পেলালে। ন'টাৰ বাবে বহু প্ৰাৰ্থীৰ ভাগ্য উদয় হোৱাৰ বিপৰীতে বহু প্ৰাৰ্থীৰ ভাগ্য নুফুলিল ।
লগতে পঢ়কঃ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, জল্পনা-কল্পনা অব্যাহত