ETV Bharat / state

সৰ্বাধিক সৌৰশক্তি উৎপাদনেৰে অভিলেখ গঢ়িলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই - উত্তৰ-পূৱ সীমান্ত ৰে'লৱে

সৰ্বাধিক সৌৰ শক্তি উৎপাদন কৰি উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়ালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ কামাখ্যা জংছনৰ লগতে আন আন ৰে'ল ষ্টেচনটো কৰা হৈছে সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ পৰিকল্পনা ৷

৮০০০ কিলোৱাট সৌৰ শক্তি উৎপাদন কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই
author img

By

Published : Nov 14, 2019, 2:36 AM IST

গুৱাহাটী , 13 নৱেম্বৰঃ ভাৰতবৰ্ষৰ ভিতৰত অভিলেখ গঢ়ি উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়াই আনিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰে'ল ষ্টেচনত সৌৰ শক্তি উৎপাদনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি চলিত বৰ্ষত দেশৰ সৰ্বাধিক সৌৰ শক্তি উৎপাদকৰ সন্মান অৰ্জন কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ দেশৰ ভিতৰত সৰ্বাধিক ৮০০০ কিলোৱাট সৌৰ শক্তি উৎপাদন কৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই চলিত বৰ্ষত ৰাহি কৰিছে 2 কোটি টকা ৷

৮০০০ কিলোৱাট সৌৰ শক্তি উৎপাদন কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই

ৰে'ল মন্ত্ৰালয়ে গ্ৰহণ কৰা সেউজ পৰিৱেশৰ গঢ়াৰ পদক্ষেপক সহাৰি জনাই এই পদক্ষপ গ্ৰহণ কৰিছিল সীমান্ত ৰে'লৱেই ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত জনায় যে , গুৱাহাটী ৰে'ল ষ্টেচনত বৰ্তমান ১০৪৩ কিলোৱাট শক্তিসম্পন্ন অন্য এক সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ কাম চলি আছে ৷ ইয়াৰ উপৰিও কামাখ্যা ৰে'ল জংচনৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ অন্য ৰে'ল ষ্টেচনসমূহটো সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে । উল্লেখযোগ্য যে , 2022 চনৰ আগতে বছৰি 1000 মেগাৱাট ক্ষমতাৰ সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে আগবাঢ়িছে ভাৰতীয় ৰে'লৱে ৷

লগতে পঢ়কঃ শিক্ষা মন্ত্ৰী চোৰ, শিক্ষা মন্ত্ৰী বিক্ৰী হৈছে : মধ্যাহ্ন ভোজন কৰ্মী

Intro:চলিত বৰ্ষত অধিক সৌৰ শক্তি উৎপাদনেৰে ভাৰতবৰ্ষৰ ভিতৰত অভিলেখ গঢ়িলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে। প্ৰথমবাৰৰ গুৱাহাটী ৰে'ল ষ্টেচনত সৌৰ শক্তি উৎপাদনৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে লৈছিল বিশেষ পদক্ষেপ। এই ব্যৱস্থাৰ আৰম্ভণিত অৰ্থাৎ ২০১৭ বৰ্ষত ৭০০ কিলোৱাট উৎপাদন কৰিবলৈ সক্ষম হৈছিল। এই সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত চলিত বৰ্ষত সৰ্বাধিক ৮০০০ কিলোৱাট বৃদ্ধি পাইছে। যত গুৱাহাটী ৰে'ল ষ্টেচনৰ কাৰ্যালয়, ষ্টেচনৰ সকলো সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হয়। এই ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ চলিত বৰ্ষত বাৰ্ষিক বিদুৎ বিলৰ ২.০০ কোটি টকা ৰাহি হৈছে। সেউজ পৰিৱেশৰ গঢ়াৰ লক্ষ্যৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে লৈছিলে এই বিশেষ পদক্ষেপ। ইফালে গুৱাহাটী ৰে'ল ষ্টেচনত ১০৪৩ কিলোৱাট শক্তিসম্পন্ন অন্য এক সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। ইয়াৰ উপৰিও কামাখ্যা ৰে'ল জংচনৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ অন্য ৰে'ল ষ্টেচনসমূহটো সৌৰ শক্তি উৎপাদনৰ প্ৰকল্পৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.