ETV Bharat / state

নৌকাবিহাৰ কৰিবলৈ গৈ বিলত সলিল সমাধি যুৱকৰ

author img

By

Published : May 24, 2020, 7:46 PM IST

নৌকাবিহাৰ কৰিবলৈ গৈ বিলত সলিল সমাধি যুৱকৰ । মৃত্যু হয় নিতু আলি নামৰ 22 বছৰীয়া যুৱকজনৰ ।

North Guwahati boy drowned at waterlane
নৌকাবিহাৰ কৰিবলৈ গৈ বিলত সলিল সমাধি যুৱকৰ

কামৰূপ,24 মেঃ উত্তৰ গুৱাহাটীৰ ভেটামুখত অঘটন । নৌকাবিহাৰ কৰিবলৈ গৈ বিলত সলিল সমাধি যুৱকৰ । ভেটামুখ নয়ন পাৰাৰ বাইশ বছৰীয়া নিতু আলিয়ে দুই সমনীয়া আৰু এগৰাকী যুৱতীৰ সৈতে সমীপৰ বিলত নৌকা বিহাৰৰ বাবে গৈছিল । কিন্তু হঠাৎ গভীৰ পানীৰ ফালে অগ্ৰসৰ হয় নাঁওখন । বৰষুণৰ পানীত একাকাৰ হোৱা বাবে বিলৰ গভীৰতাৰ উমান পোৱা নাছিল যুৱককেইজনে । আৰু হঠাতে গভীৰ পানীত বুৰ যায় নাঁওখন ।

আনহাতে, সমনীয়া দুই যুৱকে যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও সন্ধান উলিয়াব নোৱাৰে নিতু আলিৰ । NDRF বাহিনীৰ সহযোগত স্থানীয় লোকে আধাঘন্টা পিছত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইতিমধ্যে নিতু আলীৰ লগত বিললৈ যোৱা আন তিনিজনক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ।

লগতে পঢ়ক- কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.