গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: চৰকাৰী বিদ্যালয়ত ইউনিফৰ্ম প্ৰদানৰ বিষয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এই কথা সম্পৰ্কে এখন আইন আছে, এই আইনখন মানিবলৈ সকলো বাধ্য । দুই এটা কাৰিকৰী সমস্যা আছে সেই সমস্যাসমূহ দুই এদিনতে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলনত অংশলৈ শিক্ষামন্ত্ৰী পেগুৱে এই বিষয়ে মন্তব্য কৰে ৷
তেওঁ লগতে কয় যে, ছাত্ৰ-ছাত্ৰীৰ পোচাকৰ মানদণ্ড আৰু পৰিমাণক লৈ কোনো ধৰণৰ বুজা বুজি কৰা নহ'ব । লগতে পোছাকসমূহৰ বাবে কোনো ধৰণৰ নিবিদাও প্ৰদান কৰা নহ'ব । বিদ্যালয় সমূহক পোছাকৰ বাবে ধন আৱন্টন কৰা হ'ব । কিমান পৰিমাণৰ আৰু কেনেকুৱা মানদণ্ডৰ হ'ব সেয়া শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰে । লগতে সাহিত্য সভাৰ পুঁজি সন্দৰ্ভতো মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰীগৰাকীয়ে (Fund for school uniform) ।
তেওঁ কয় যে, ভাষা গৌৰৱ আঁচনিৰ অধীনত সকলো সাহিত্য সভালৈ ইতিমধ্যে প্ৰথম কৃষ্টিৰ পুঁজি মোকোলাই দিয়া হৈছে । এই পুঁজি কৰ্পাজ ফাণ্ড হিচাপে ব্যৱহাৰ কৰি তাৰ সুতেৰে বছেৰেকীয়া কাম কাজ সম্পন্ন কৰক সাহিত্য সভাসমূহে । ইতিমধ্যে এনে সুত ব্যৱহাৰ কৰি গাৰো সাহিত্য সভাই গাৰো ভাষাৰ ১৪ খন পুথি প্ৰকাশ কৰি উলিয়াইছে । আন আন সাহিত্য সভাসমূহৰ পৰাও শিক্ষা বিভাগে অতি শীঘ্ৰে প্ৰতিবেদন বিচাৰিছে বুলি উল্লেখ কৰে । দ্বিতীয় কিস্তিৰ ধনো চৰকাৰে অতি সোনকালে মোকোলাই দিব ।
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ (Silver Jubilee of Sankaradeva Kalakshetra) উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলন নামেৰে এক অনুষ্ঠান আয়োজন কৰা হয় (North Eastern Nature Literature Conference held at Kalakshetra) ৷
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকীও সমল ব্যক্তিৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিদ্যায়তনিক আৰু মননশীল আলোচনা চক্ৰ ৷ এই আলোচনা চক্ৰত উপস্থিত থাকে ৰাজ্য চৰকৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education Minister Ranoj Pegu), বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী প্ৰমুখ্যে বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্ত, নেচাৰ্চ বেকনৰ সম্পাদক সৌমদ্বীপ দত্ত ৷
আলোচনাচক্ৰখনত ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, প্ৰকৃতি আৰু মানুহ বেলেগ বেলেগ নহয় । মানুহ প্ৰকৃতিৰ এটা অংগ । প্ৰকৃতি বচোৱাৰ ক্ষেত্রত জীৱ-জন্তু, চৰাই-চিৰিকটি সকলোৱে নিজে নিজৰ নিজৰ কাম কৰি আছে । কিন্তু এই ক্ষেত্ৰত আমাৰ মানুহে কৰিব লগা কাম যথেষ্ট আছে ।
লগতে পঢ়ক: Fake gold smugller arrested: নগাঁৱত নকল সোণসহ আৰক্ষীৰ জালত ব্যৱসায়ী