গুৱাহাটী, 22 জুনঃ গাহৰি মাংসৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলা হ'ব উত্তৰ-পূৰ্বাঞ্চলক ৷ লগতে উৎকৃষ্টমানৰ মাংস যোগান ধৰা হ'ব উত্তৰ পূৱৰ বজাৰত ৷ এই প্ৰতিশ্ৰুতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতিশীল গাহৰি পালক সংস্থাৰ ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য কৰে সংস্থাটোৰ বিষয়ববীয়াই ৷ লগতে গাহৰি পালক সংস্থাৰ বিভিন্ন অসুবিধাৰ বিষয়েও অৱগত কৰে ৷ তেওঁলোকৰ অভিযোগ, গাহৰি মাংসৰ বজাৰখনত বহিঃৰাজ্যৰ আমদানিকৃত মাংস কোনো খাদ্য সুৰক্ষা নীতি নমনাকৈ মেলি দিয়া হৈছে ৷ বৰ্তমান এই সংস্থাটোত সৰু বৰ 200 গৰাকী ব্যৱসায় জড়িত হৈ উন্নত মানদণ্ডৰ মাংস যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে ৷ আনহাতে, গাহৰি পালনৰ লগত জড়িত হ'বলৈ বহু যুৱক যুৱতী আগবাঢ়ি আহিছে যদিও বৰ্তমানেও বহু সমস্যা আছে বুলি প্ৰকাশ কৰে ৷ উন্নত মানৰ ভেকচিনৰ অভাৱ, উপযুক্ত খাদ্যৰ অভাৱ আদি বিভিন্ন সমস্যাত পৰিছে গাহৰি পালকসকল ৷ এইসমূহ সমস্যা সমাধান হ'লে উত্তৰ পূৱত মাংসৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিব বুলি মন্তব্য কৰে সংস্থাটোৰ বিষয়ববীয়াসকলে ৷
উত্তৰ-পূৰ্বাঞ্চল হ'ব গাহৰি মাংসৰ কেন্দ্ৰস্থল !
গাহৰি মাংসৰ বজাৰখনত বহিঃৰাজ্যৰ মাংস কোনো খাদ্য সুৰক্ষা নীতি নমনাকৈ আহি আছে ৷ বৰ্তমান এই সংস্থাত সৰু-বৰ 200 গৰাকী ব্যৱসায় জড়িত হৈ উন্নত মানদণ্ডৰ মাংস যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে ৷