নদী সংযোগেৰে উত্তৰ-পূৱৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন হ’ব বাংলাদেশৰ ! - river water connection
উত্তৰ-পূব ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ককলৈ গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটৰ । নদী সংযোগেৰে আভ্যন্তৰীণ জল-বাণিজ্য আৰু পৰিবহন বাণিজ্যৰ ক্ষেত্ৰতো মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৷

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে (Ajay Bhatt) মঙলবাৰে গুৱাহাটীত ১৯৭১ চনৰ যুদ্ধৰ সোণালী বিজয় দিৱস উদযাপন অংশ হিচাপে এখন আলোচনা চক্ৰৰ উদ্বোধন কৰে । স্বৰ্নিম বিজয় বৰ্ষ উপলক্ষে আয়োজিত আলোচনা চক্ৰত গাণিতিক জলবিজ্ঞানৰ পৰা হোলিষ্টিক ইকো-হাইড্ৰ'লজীলৈ শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰে বিশিষ্ট লেখক সাংবাদিক নিতিন গোখলে । তেওঁ ভাৰত-বাংলাদেশ প্ৰেক্ষাপটত শ্বেয়াৰড ৱাটাৰ্ছৰ ওপৰত ভাষণ প্ৰদান কৰে ।

তেওঁ পুনৰ কয় যে ''ভাৰত আৰু বাংলাদেশৰ মাজত আমাৰ উপ-মহাদেশত বহুতো অনন্য আৰু বিশেষ স্থান আছে । আমি একে সময়তে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছো । দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কে তেওঁলোকৰ ঐতিহাসিক, সাংস্কৃতিক, ভাষা আৰু আন বহুতো পাৰস্পৰিক মূল্যবোধৰ আদান-প্ৰদান কৰে । মুঠ ৪০৯৬.৭ কিলোমিটাৰ সীমান্ত আৰু ৫৪ খন নদীয়ে দুয়োখন দেশক সংযোগ কৰিছে । আমাৰ এটা সম্পৰ্ক আছে যাক শব্দৰ দ্বাৰা সংজ্ঞা দিব নোৱাৰি ।''
উল্লেখযোগ্য যে যোৱা, ৬ জুন, ২০১৫ তাৰিখে স্বাক্ষৰিত দুয়োখন দেশৰ মাজত স্থল সীমা চুক্তিয়ে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক হৈ আহিছে । ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢাকা ভ্ৰমণ কৰাৰৰ লগতে দুই দেশৰ চৰকাৰী সমৰ্থনত হোৱা বহু ক্ষেত্ৰৰ নতুন চুক্তিয়ে উন্নয়নত দ্ৰুত গতি প্ৰদান কৰা বুলিও মন্তব্য কৰে ।
দুয়োখন দেশে একেলগে বাণিজ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । নদী সংযোগে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যি হৈছে সমগ্ৰ দেশৰ আভ্যন্তৰীণ জল বাণিজ্য আৰু পৰিবহন বাণিজ্যৰ এক মুখ্য পৰিপূৰক । ইয়াৰোপৰি, চাহৰ পৰা আৰম্ভ কৰি যন্ত্ৰপাতি, বস্ত্ৰ উদ্যোগ আৰু কাগজ উৎপাদন আৰু ৰাসায়নিক সামগ্ৰীলৈকে কেঁচা সামগ্ৰী দুয়োখন দেশৰ মাজত বাণিজ্যত মুখ্য ভূমিকা পালন কৰি অহাৰ হেতুকে এই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হ’ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক : ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল