ETV Bharat / state

অষ্টম সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল ২০২০ আৰম্ভ - অষ্টম সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অষ্টম সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল । ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত মহানগৰীৰ জালুকবাৰীস্থিত  হোটল ৰেডিছন ব্লুত অনুষ্ঠিত হৈছে এই মহোৎসৱ । নৰ্থ ইষ্ট ফেষ্টিভেলৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু ছিকিমৰ পৰ্যটন মন্ত্ৰী ।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অষ্টম সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল

author img

By

Published : Dec 19, 2020, 8:28 PM IST

গুৱাহাটী, ১৯ ডিচেম্বৰ: উত্তৰ-পূৱৰ কৃষ্টি-সংস্কৃতি, পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল ২০২০ । ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত মহানগৰীৰ হোটেল ৰেডিছন ব্লু'ত দুদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ অনুষ্ঠিত হৈছে । প্ৰতিবছৰে এই মহোৎসৱ দিল্লীত অনুষ্ঠিত হয় যদিও কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে অষ্টম সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ পৰিৱৰ্তে পোন প্ৰথম বাৰৰ বাবে অসমত আয়োজন কৰা হৈছে ।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অষ্টম সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল

মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, ছিকিমৰ পৰ্যটন মন্ত্ৰী বেডু সিং পান্থ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী প্ৰমুখ্যে উত্তৰ-পূৱৰ বিভিন্ন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল । লগতে ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং, মণিপুৰৰ মুখ্যমন্ত্ৰী এম বিৰেণ সিঙে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কৰে । অতি কম সংখ্যক লোকৰ উপস্থিতিত নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হয় ।

উত্তৰ-পূৱৰ খাদ্যসম্ভাৰ, বস্ত্ৰ আদি প্ৰদৰ্শিত কৰা হৈছে এই মহোৎসৱত । আনহাতে, ইউ টিউবতো অনুষ্ঠানটি লাইভ ষ্ট্ৰীমিং কৰা হৈছে বুলি জনাইছে শ্যামকানু মহন্তই । অনুষ্ঠানত উপস্থিত নাথাকিলেও যিকোনো ঠাইৰ লোকে অনুষ্ঠান উপভোগ কৰিব পাৰিব । লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মাধ্যমত প্ৰতিষ্ঠা লাভ কৰা অসমৰ যুৱক-যুৱতীয়েও এই অনুষ্ঠানৰ জৰিয়তে নিজৰ ঠাইখনক লৈ তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে শ্যামকানু মহন্তই ।

লগতে পঢ়ক:এনআৰএল ডিপোত মানসিক বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.