নিউজ ডেস্ক, 6 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে 10 ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ আহ্বান নেছ'ৰ ৷ 10 ডিচেম্বৰৰ পুৱা পাঁচ বজাৰ পৰা বিয়লি চাৰি বজালৈ বন্ধৰ আহ্বান সংগঠনটোৰ ৷ বিপৰীতে নাগালেণ্ডত হৰ্ণবিল মহোৎসৱ চলি থকা বাবে পালন কৰা নহয় এই বন্ধ ৷ 10 ডিচেম্বৰৰ পুৱা নাগালেণ্ডৰ ৰাজভৱনৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাব্যস্ত কৰা হ’ব প্ৰতিবাদ ৷ উত্তৰ-পূৱৰ বাকীকেইখন ৰাজ্যত পালন কৰা হ'ব এই বন্ধ ৷ শুক্ৰবাৰে নেছ'ৰ কাৰ্যনিৰ্বাহক বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷
ইপিনে নাগৰিকত্ব সংশোধনী বিলক লৈ শুক্ৰবাৰে অনুষ্ঠিত হয় আছুৰ সংবাদমেল । আছুৰ মতে এই বিল অসংবিধানিক তথা অসম বিৰোধী । সংবাদমেলত অংশ লৈ আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে, উত্তৰ-পূৱ কোনো অবৈধ বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড নহয়। উত্তৰ-পূৱৰ বিৰোধৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এই কথা মানি লোৱা নাই ৷ উত্তৰ-পূৱৰ লোকৰ মাজত বিভাজন সৃষ্টিৰ লক্ষ্যৰে এই বিধেয়ক চৰকাৰে আনিব খোজা বুলি আছুৰ উপদেষ্টা গৰাকীয়ে উল্লেখ কৰে ৷ স্মৰ্তব্য যে, নেছোৰ দাবী আছিল উত্তৰ-পূৱত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা ৷ আছুৱে ৰাজনৈতিক দলসমূহক কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷ লগতে ভট্টাচাৰ্যই কয় যে, সংবিধানৰ ৬ নং দফা কাৰ্যকৰী হ’বই লাগিব ৷ ইয়াৰ বিনিময়ত ২০১৪ চনলৈ অহা হিন্দু-বাংলাদেশীক চৰকাৰে নাগৰিকত্ব দিব নোৱাৰিব ৷
লগতে চাওকঃশদিয়াৰ পৰা ধুবুৰীলৈ কেব বিৰোধী আন্দোলনঃ কেব নামানে অসমীয়াই