ডিমা হাছাও,২১ এপ্ৰিল: শাসকীয় দল বিজেপিত যোগদানৰ গতি এতিয়াও স্থৱিৰ হোৱা নাই । বৰ্তমানো বিৰোধী কংগ্ৰেছৰ পৰা বিজেপিলৈ সোঁত বৈয়েই আছে (Congress members joined in BJP) । এইবাৰ বিৰোধী শূন্য হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ (North Cachar Hills Autonomous Council towards opposition free। কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ একমাত্ৰ কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচাৰ বিজেপি গমনৰ প্ৰসংগই লাভ কৰিছে বিশেষ চৰ্চা ।
কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচাই বিজেপি দলত যোগদানৰ সন্দৰ্ভত যদিও এতিয়ালৈকে মুখ খোলা নাই যদিও বিজেপিত যোগদানৰ বিষয়টো অস্বীকাৰো কৰা নাই । বিজেপিৰ সূত্ৰৰ পৰা জানিব পৰা মতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই অহা সপ্তাহত বিজেপি দলত যোগদানৰ সম্ভাৱনা আছে । কংগ্ৰেছ নেতা গৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, যোৱা ২০১৯ চনৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত পাৰ্বত্য পৰিষদৰ হাফলং সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাবে জয়ী হৈছিল ডেনিয়েল লাংথাচা আৰু পাৰ্বত্য পৰিষদৰ গৰমপানী সমষ্টিৰ পৰা জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী জয়ছিং দুৰং । ২০১৯ চনৰ এই নিৰ্বাচনত পৰিষদৰ ২৮ খন সমষ্টিৰ মাজত কংগ্ৰেছ কেৱল এই দুটা সমষ্টিৰ পৰা বিজয়ী হৈছিল ।
কিন্তু ২০২১ চনৰ ২৯ ছেপ্টেম্বৰত পাৰ্বত্য পৰিষদৰ কংগ্ৰেছ সদস্য জয়ছিং দুৰঙে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পিচতে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ বিৰোধী সদস্য হিচাবে একমাত্ৰ ডেনিয়েল লাংথাচা আছিল । কিন্তু এতিয়া পৰিষদৰ এই কংগ্ৰেছ সদস্য গৰাকী বিজেপি দলত যোগদান কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ বিৰোধী শূন্য হৈ পঢ়িব ।
লগতে পঢ়ক: কিয় ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে ?