ETV Bharat / state

Crime in Guwahati : বিয়াৰ প্ৰলোভন দি যুৱতীক যৌন নিৰ্যাতন চলোৱা প্ৰেমিকক আটক - Crime in Guwahati

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা (Crime in Guwahati) ৷ বিয়াৰ প্ৰলোভন প্ৰেমিকে প্ৰেমিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দতৰ্ভত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে নুনমাটি থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে মঙলবাৰে নিশা আটক কৰে অভিযুক্ত প্ৰেমিক দীপক দাসক ৷

Man arrested for raping in Guwahati
বিয়াৰ প্ৰলোভন দি যুৱতীক যৌন নিৰ্যাতন চলোৱা প্ৰেমিকক আটক
author img

By

Published : Dec 7, 2022, 2:05 PM IST

গুৱাহাটী, ৭ ডিচেম্বৰ : প্ৰথমে বিয়াৰ প্ৰলোভন ৷ তাৰ পাচত শাৰীৰিক সম্পৰ্ক ৷ প্ৰেমিকৰ কথা মতে সকলো কৰি গ’ল প্ৰেমিকাই ৷ কিন্তু এটা সময়ত প্ৰেমিকাক চিনি নোপোৱাৰ ভাও জুৰিলে ভণ্ড প্ৰেমিকে ৷ আমি ক’বলৈ লোৱা এই ঘটনাটো হ’ল আভিজাত্যৰ স্বৰূপ গুৱাহাটী মহানগৰীৰ ৷ মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত গীতামন্দিৰ অঞ্চলত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷

গীতামন্দিৰ অঞ্চলৰ এগৰাকী ২০ বছৰীয়া যুৱতীক দীৰ্ঘদিন ধৰি এজন বিবাহিত পুৰুষে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযুক্ত পুৰুষজন গীতামন্দিৰ পানীপথৰ বাসিন্দা দীপক দাস (২৫) বুলি জানিব পৰা গৈছে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ বিবাহৰ প্ৰস্তাৱ দি দীপকে যুৱতীগৰাকীক চলাই গৈছিল শাৰীৰিক নিৰ্যাতন ৷

যাৰ কু-পৰিণতিত ভুক্তভোগী যুৱতীগৰাকী হৈছিল অন্তঃসত্বা ৷ কিন্তু এই কথা গম পোৱা নাছিল যুৱতীগৰাকীৰ মাতৃয়ে ৷ ইফালে ভুক্তভোগী যুৱতীগৰাকীয়ে তেওঁৰ গৰ্ভত থকা সন্তানৰ কথা দীপকক কৈছিল, সেই মূহুৰ্ততো দীপকে কোনো কথা গুৰুত্ব নিদি কেৱল বিয়া কৰাব বুলি যুৱতীগৰাকীক আশ্বাস দি গৈছিল (Sex before marriage) ৷

কিন্তু এদিন দুদিন কৰি ন মাহৰ অন্তত মঙলবাৰে যুৱতীগৰাকীয়ে ঘৰতে জন্ম দিয়ে এটি মৃত সন্তান ৷ তেতিয়াহে যুৱতীগৰাকীৰ মাতৃ তথা পৰিয়ালৰ লোকে সকলো কথা গম পায় ৷ তাৰ পাচতে যুৱতীগৰাকীয়ে সকলো কথা মাতৃৰ আগত বৰ্ণনা কৰে ৷

পৰৱৰ্তী সময়ত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে কাষ চাপে আৰক্ষীৰ ৷ ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত নুনমাটি থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে মঙলবাৰে নিশাই অভিযুক্ত দীপক দাস (২৫)ক আটক কৰে (Man arrested for raping in Guwahati) ৷

জানিব পৰা মতে, অভিযুক্ত দীপক দাস বিবাহিত ৷ তেওঁ এটি সন্তানৰো পিতৃ ৷ আনহাতে, সাংবাদিকৰ আগত অভিযুক্ত দীপক দাসে উল্লেখ কৰা অনুসৰি গীতামন্দিৰ অঞ্চলৰ যুৱতীগৰাকীক কোনো ধৰণৰ বিবাহৰ প্ৰস্তাৱ দিয়া নাছিল ৷ আনকি তেওঁ যুৱতীগৰাকীৰ সৈতে কোনো ধৰণৰ শাৰীৰিক সম্পৰ্কও ৰখা নাছিল ৷ তেওঁৰ ওপৰত যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে মিছা অভিযোগ দিয়া বুলি তেওঁ সদৰী কৰে ৷ অৱশ্যে কোনো সঁচা বা কোন মিছা সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : Sex outside Marriage: বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক আৰু সহবাস নিষিদ্ধ হ’ল ইণ্ডোনেচিয়াত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.