গুৱাহাটী, 30 অক্টোবৰ : অ-প্ৰদেশীকৃত বিদ্যালয়ৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত সোমবাৰে মহানগৰীৰ চচলত প্ৰতিবাদ সাব্যস্ত শিক্ষকৰ ৷ সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সংস্থাৰ উদ্যোগত ৰাজ্যৰ কেইবা শতাধিক শিক্ষকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শীঘ্ৰে হাজাৰ হাজাৰ অ-প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষককৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ দাবীত প্ৰতিবাদস্থলীত উত্তাল কৰে তোলে শিক্ষকসকলে ৷
বৰ্তমানো ৰাজ্যৰ প্ৰায় 23 শ ৰাজহুৱা শিক্ষানুষ্ঠানত 19,527 গৰাকী শিক্ষকে বিগত 25-30 বছৰ ধৰি শিক্ষকতা কৰি আছে ৷ তাৰ পিচতো কিয় উক্ত বিদ্যালয়সমূহৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৃত কৰা নাই ? কিয় শিক্ষকক পদসমূহ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰে প্ৰতিবাদী শিক্ষকসকলে ৷
‘‘নিৰ্বাচনৰ সময়ত অসমত কোনো ভেন্সাৰ স্কুল নাথাকিব বুলি ঘোষণা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৷ সেই মৰ্মে বহু আলোচনাও হ’ল ৷ একাংশ অ-প্ৰাদেশীকৃত বিদ্যালয় প্ৰদেশিকীকৰণ কৰা হ’ল ৷ একংশ বাদ পৰি ৰ’ল ৷ এইক্ষেত্ৰত চৰকাৰৰ লগত আলোচনা কৰা হ’ল ৷ আলোচনাত লোৱা সিদ্ধান্তসমূহ বৰ্তমানলৈকে কাৰ্যকৰী নকৰিলে ৷ অমৃত কালত, অমৃত শিশুক চৰকাৰী সুবিধাৰ পৰা কিয় বঞ্চনা কৰিছে চৰকাৰে ! মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কিয় আমাক মিছা প্ৰতিশ্ৰুতি দিলে ! কেৱল আলোচনা কৰিয়ে কিয় দায়িত্ব সামৰিলে চৰকাৰে ’’ এই প্ৰশ্ন প্ৰতিবাদকাৰী শিক্ষকসকলৰ ৷
‘‘ আমি অসম চৰকাৰৰ 2017 আৰু 2018 সংশোধনী শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ আইনখনৰ বিৰোধিতা কৰি আহিছো ৷ কাৰণ বৰ্তমানেও এই আইনৰ পৰা ৰাজ্যৰ 2 হাজাৰৰো অধিক শিক্ষানুষ্ঠানৰ 20 হাজাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰিল ৷ কিন্তু বৰ্তমান শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে শিক্ষকৰ পদ প্ৰদেশিকীকৰণৰ নামে শুনিব নিবিচাৰে ৷’’ এই মন্তব্য সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সংস্থাৰ ৷
লগতে পঢ়ক:ULFA I Replies to Assam DGP: গুপ্তহত্যাৰ পৰা জোনমণিৰ মৃত্যুলৈকে জিপি সিঙক সাঙুৰিলে আলাফা(স্বা)ই