সুকোমল বগা পোছাক, পিক কেপচ, উৰাজাহাজ বেগ ,কান্ধত চাৰিডাল ষ্ট্ৰিপচেৰে সৈতে সদায় উৰিবলৈ সাজু এটা পৰিয়াল ৷ এটা অনন্য পাইলট পৰিয়াল ৷ বিমান চালক হিচাবে পৰিচিত এই পৰিয়ালটোৰ তিনি প্ৰজন্ম ৷ পিতৃ-মাতৃ দুই সন্তানৰ লগতে তেওঁলোকৰ ককাকো নিয়োজিত আছিল এগৰাকী পাইলট হিচাবে ৷ সেয়ে এই পৰিয়ালটোৰ পৰিচয় হৈ পৰিছে "The flying family" ৷
কেপ্তেইন জয় দেৱ ভাছিন আছিল পৰিয়ালটোৰ বাটকটীয়া ৷ 1954 চনতে বিমান চালক হিচাবে নিয়োজিত হৈছিল কেপ্তেইন জয় দেৱ ভাছিন ৷ পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰ আৰু বোৱাৰী ৰোহিত ভাছিন আৰু নিবেদিতায়ো নিজকে পাইলট হিচাবে প্ৰতিষ্ঠিত কৰে ৷ ইফালে ৰোহিত আৰু নিবেদিতায়ো গৌৰৱ অনুভৱ কৰে তেওঁলোকৰ দুই পাইলট সন্তানকলৈ ৷
মাত্ৰ 20 বছৰ বয়সতে নিবেদিতাই কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু 26 বছৰ বয়সত Boeing 737 প্ৰাপ্তিৰে নিবেদিতা বিশ্বৰ জেট বিমানৰ কনিষ্ঠ মহিলা কেপ্তেইন হিচাবে প্ৰতিষ্ঠিত হয় ৷ ইতিমধ্যে এই পাইলট পৰিয়ালটোৱে 100 বছৰীয়া উৰণীয়া জীৱন অতিবাহিত কৰিছে ৷
পিতৃ-মাতৃৰ পৰা অনুপ্ৰাণিত হৈ পাইলট হিচাবে নিয়োজিত ৰোহিত আৰু নিবেদিতাৰ দুই সন্তান ৷ পুত্ৰ ৰোহন Boeing 777 ৰ কামাণ্ডাৰ হিচাবে ইতিমধ্যে এয়াৰ ইণ্ডিয়াত এটা দশক পাৰ কৰিছে ৷ আৰু 26 বছৰীয়া কন্যা নিহাৰিকা বিগত 4 বছৰে ইণ্ডিগ'ত নিয়োজিত ৷ শেহতীয়াকৈ Airbus A320 কামাণ্ডাৰ হিচাবে নিয়োজিত হৈছে নিহাৰিকা ৷
উল্লেখ্য যে, দশকজুৰি একেটা বৃত্তিত নিয়োজিত হৈও আজি পৰ্যন্ত একেসময়তে একেখন বিমানত কৰ্তব্য পালন কৰি পোৱা নাই ৰোহিত আৰু নিবেদিতাই ৷ যদিও এই পেছা প্ৰজন্মৰ পৰা চলি আহিছে কিন্তু বিমান উৰণৰ সময়ত ৰোহিত-নিবেদিতাৰ বাবে অস্থিৰ হৈ পৰে দুই সন্তান ৷ সমান্তৰালকৈ ৰোহন-নিহাৰিকাৰ বাবে চিন্তিত হৈ পৰে কেপ্তেইন ৰোহিত ভাছিন আৰু কামাণ্ডাৰ নিবেদিতা ৷