ETV Bharat / state

Lack of electricity in many schools of Assam: বিদ্যুৎ সংযোগ অবিহনে চলি আছে ৰাজ্যৰ সহস্ৰাধিক বিদ্যালয়

author img

By

Published : Jan 3, 2023, 4:46 PM IST

ৰাজ্যখনৰ ১,০৯৭ খন প্ৰাথমিক বিদ্যালয় আৰু ১০ খন মাধ্যমিক বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগ (Thousands of schools in Assam have no electricity connection)। গুণোৎসৱৰ প্ৰাকক্ষণত বিদ্যুৎ সংযোগ অবিহনে চলি থকা বিদ্যালয়সমূহত বিদ্যুৎ সংযোগ দিয়াৰ বাবে তৎপৰ হৈছে শিক্ষা বিভাগ । অসমৰ ৭,৬৯১ খন বিদ্যালয়ত নাই কোনো পুথিভঁৰাল । ৩১৪ খন বিদ্যালয়ত নাই ডিজিটেল পুথিভঁৰাল । ৰাজ্যখনত ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ ৪.৮৩ শতাংশ ।

Thousands of schools in Assam have no electricity connection
বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ

গুৱাহাটী, ৩ জানুৱাৰী : প্ৰত্যেক বছৰেই ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ অভাৱ-অভিযোগ দূৰ কৰি গুণগত শিক্ষাৰে সৰ্বাংগীন উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰি অহা হৈছে গুণোৎসৱ । এই গুণোৎসৱৰ যোগেদি শিক্ষা খণ্ডৰ বহু দিশ পোহৰলৈ আহে যদিও বাস্তৱত সেই দিশত কাম কৰা নহয় । যাৰ বাবে ৰাজহুৱা শিক্ষা খণ্ডটোৱে উন্নয়নৰ দিশে আগুৱাই যাবলৈ সক্ষম হোৱা নাই ।

পুনৰ গুণোৎসৱৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ (Gunotsav in Assam)। শিক্ষাৰ মান পর্যালোচনা কৰাৰ বাবে পুনৰ গুণোৎসৱৰ আয়োজন কৰাৰ সময়তে শিক্ষা খণ্ডৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে । উদ্বেগৰ বিষয়টো হৈছে যে ৰাজ্যৰ ১,১০৭ খন বিদ্যালয় আজিৰ তাৰিখতো বিদ্যুৎ সংযোগ অবিহনেই চলি আছে (Thousands of schools in Assam have not electricity connection) ।

আন্তঃগাঁথনি উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণ ধন ব্যয় কৰাৰ সমান্তৰালকৈ শিক্ষাৰ্থীক পাঠদানৰ সময়ত সকলো ধৰণৰ সুবিধা প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰিছে । এনে পদক্ষেপৰ বিপৰীতে ১,১০৭ খন বিদ্যালয় বিদ্যুৎ সংযোগ অবিহনে চলি থকা ঘটনাই স্বাভাৱিকতে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি থকা অৱজ্ঞাৰ দিশটো পুনৰ স্পষ্ট হৈ পৰিছে (No power connection to Thousands schools in Assam) ।

শিক্ষা বিভাগৰ তথ্য, অনুসৰি বিদ্যুৎ সংযোগ অবিহনে চলি থকা এই বিদ্যালয়ৰ অধিকাংশই হ’ল প্ৰাথমিক বিদ্যালয় । ৰাজ্যখনৰ মুঠ ১,০৯৭ খন প্ৰাথমিক বিদ্যালয় আৰু ১০ খন মাধ্যমিক বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগ । এইসমূহ বিদ্যালয় গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ)ৰ অধীনৰ ।

শেহতীয়াকৈ অসম বিধানসভাতো বিষয়টো উত্থাপন হৈছিল । এইক্ষেত্ৰত শিক্ষামন্ত্ৰা ডাঃ ৰণোজ পেণ্ডৱে প্ৰকাশ কৰা মতে, চলিত বৰ্ষৰ আৰম্ভণিতে বিদ্যুৎ সংযোগ নথকা বিদ্যালয়সমূহত বিদ্যুৎ সংযোগ কৰা হ’ব । শিক্ষা বিভাগে ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Corruption in Lakhimpur Anganwadi: লখিমপুৰত শিশু উন্নয়ন প্ৰকল্পত দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, জানুৱাৰী মাহৰ পৰাই শিক্ষা বিভাগে গুণোৎসৱ আৰম্ভ কৰিব । এই গুণোৎসৱৰ প্ৰাকক্ষণত বিদ্যুৎ সংযোগ অবিহনে ১,০৯৭ খন বিদ্যালয় চলি থকা বিষয়টোৱে শিক্ষা বিভাগকো কিছু পৰিমাণে অস্বস্তিত পেলাইছে । সেয়েহে খৰখেদাকৈ বিদ্যালয়সমূহত বিদ্যুৎ সংযোগৰ কাম আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰিছে শিক্ষা বিভাগে ।

ইফালে বহু বিদ্যালয়ত বিদ্যুৎ সংযোগ আছে যদিও বিদ্যুৎ সেৱা নিয়মীয়া নহয় । অকল সেয়াই নহয় বিভিন্ন ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডটো অবহেলিত হৈ আহিছে । চৰকাৰী তথ্য মতে, অসমৰ ৭,৬৯১খন বিদ্যালয়ত কোনো পুথিভঁৰালেই নাই । আনকি ৰাজ্যৰ বহুসংখ্যক বিদ্যালয়ত পুথিভঁৰাল আছে যদিও কিতাপ নাই ।

ৰাজ্যৰ শিক্ষাখণ্ডৰ এই পুতৌজনক ছবিখন শেহতীয়াকৈ পোহৰলৈ আনিছে কেন্দ্ৰীয় চৰকাৰে (Poor condition of govt schools in Assam)। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি অসমৰ প্ৰতিখন বিদ্যালয়ৰ পুথিভঁৰালত গড়ে মাত্ৰ ৪৪৬ খন কিতাপহে আছে ।আনহাতে, ডিজিটেল পুথিভঁৰালৰ ক্ষেত্ৰতো অসম দেশৰ আন ৰাজ্যৰ তুলনাত একেবাৰে পিচপৰি আছে ।

ৰাজ্যখনত মাত্ৰ ৩১৪ খন বিদ্যালয়ত ডিজিটেল পুথিভঁৰাল আছে । ইফালে ৰাজ্যখনত ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ সংখ্যাও তেনেই নগণ্য । ৰাজ্যখনত ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে ৪.৮৩ শতাংশ । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা কি পৰ্যায়ত আছে ।

লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰতিবছৰে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কোটি কোটি টকা ব্যয় কৰি আহিছে । কিন্তু ইয়াৰ পাচতো ৰাজ্যৰ বিদ্যালয়সমূহৰ অৱস্থা শোচনীয় হৈ আছে । বহু ৰাজ্যই ৰাজহুৱা শিক্ষা খণ্ডক দ্ৰুত গতিত আগুৱাই নিবলৈ সক্ষম হোৱাৰ বিপৰীতে অসমৰ অৱস্থা আজিও অতি শোচনীয় হৈ থকাটো চৰম পৰিতাপৰ বিষয় ।

লগতে পঢ়ক : Painting with embers and tea leaves: এঙাৰ আৰু চাহপাতেৰে ছবি অংকন কৰা চিত্ৰশিল্পীগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.