ETV Bharat / state

ওলোমা পৰিষদৰ আশংকা : চৰকাৰ গঠনৰ তৎপৰতা ইউপিপিএল-বিজেপিৰ - বিটিটিৰ নিৰ্বাচনী ৰাজনীতি

তিনিটা প্ৰধান ৰাজনৈতিক দল ক্ৰমে বিপিএফ, বিজেপি আৰু ইউপিপিএলৰ তিনিকোণীয়া তীব্ৰ প্ৰতিযোগিতাই আকৰ্ষণীয় কৰি তুলিছে বিটিটিৰ নিৰ্বাচনী ৰাজনীতিৰ সমীকৰণ । কোনো এটা দলেই লাভ কৰা নাই সংখ্যা গৰিষ্ঠতা ৷

btc election result 2020
btc election result 2020
author img

By

Published : Dec 13, 2020, 1:06 AM IST

গুৱাহাটী,12 ডিচেম্বৰ : বিগত সোতৰ বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বি পি এফকে শাসনভাৰ গটাই অহা বিটিচি বাসীয়ে এইবাৰৰ নিৰ্বাচনৰ জড়িয়তে মতদান কৰিছে অন্য ধৰণে। এই প্ৰতিবেদন যুগুত কৰাৰ সময়লৈ ভোট গণনাৰ যি ফলাফল পোহৰলৈ আহিছে সেয়াই স্পষ্ট কৰিছে বিটিআৰত এক ওলোমা পৰিষদৰ আশংকা । এইবাৰ যে শাসকীয় বিপিএফকে মুখ্য কৰি কোনো এটা দলেই সংখ্যা গৰিষ্ঠতা নাপাব সেই কথা এই মূহুৰ্তত স্পষ্ট ।

তিনিটা প্ৰধান ৰাজনৈতিক দল ক্ৰমে বিপিএফ, বিজেপি আৰু ইউপিপিএলৰ তিনিকোণীয়া তীব্ৰ প্ৰতিযোগিতাই আকৰ্ষণীয় কৰি তুলিছে বিটিটিৰ নিৰ্বাচনী ৰাজনীতিৰ সমীকৰণ । শনিবাৰে পুৱাৰে পৰা চলা ভোট গণনাৰ পিচত যি ফলাফল পোহৰলৈ আহিছে সেয়াই প্ৰমাণ কৰিছে যে এইবাৰ বিটিচি বাসীয়ে লাভ কৰিব এখন ওলোমা পৰিষদ । নিৰ্বাচনটোৰ এই মূহুৰ্তলৈ প্ৰকাশিত ফলাফল আৰু জয়-পৰাজয়ৰ ধাৰাই এই কথা আঙুলিয়াই দিছে ।

আমাৰ হাতত পৰা তথ্য অনুসৰি এই মূহুৰ্তত বিপিএফ দলে 16 খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে এখন আসনত আগবাঢ়ি আছে । একেদৰে ইউপিপিএল দলে 12 খন আসনত বিজয় সাব্যস্ত কৰিছে । বিজেপি দলে আঠখন আসনত জয় লাভ কৰাৰ বিপৰীতে এখন আসনত আগবাঢ়ি আছে । এই মূহুৰ্তত অহা তথা অনুসৰি কচুগাঁও সমষ্টিত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীৰ হাতত 365 টা ভোটত পৰাস্ত হৈছে । অৱশ্যে হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও সমষ্টিত জয় লাভ কৰিছে ।

আনহাতে, ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োয়ে কোকিলাবাৰী আৰু গয়বাৰী সমষ্টিৰ পৰা জয় লাভ কৰিছে । বি পি এফৰ আন এগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে চিৰাং দুৱাৰ সমষ্টিত পৰাজয় বৰণ কৰিছে । এই মূহুৰ্তলৈ চূড়ান্ত হোৱা ফলাফল অনুসৰি ইউ পি পি এল দলে 12খন, বিপিএফে 16 খন আৰু বিজেপি দলে আঠখন আসনত জয় লাভ কৰিছে ।

অন্যহাতে দিহিৰা সমষ্টিৰ পৰা গণ সুৰক্ষা পাৰ্টিৰ ঘনশ্যাম দাসে বিজয় সাব্যস্ত কৰিছে । উল্লেখ্য যে বৰ্তমানেও এক লক্ষণীয় সংখ্যক আসনৰ ফলাফল পোহৰলৈ আহিবলৈ বাকী আছে যদিও বিজেপি আৰু ইউপিপিএল দলে মিত্ৰতাৰ বাবে তৎপৰ হৈ উঠিছে । ইতিমধ্যে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে ।

লগতে পঢ়ক : বিটি আৰৰ ছেমিফাইনেলত ফ্ল'প ৰিপুণ-আজমল যুটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.