ETV Bharat / state

No national flag at Gandhi Mandap: তিনিমাহে অন্তৰ্ধান গান্ধী মণ্ডপৰ জাতীয় পতাকা

author img

By

Published : Aug 1, 2023, 7:12 PM IST

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উকা হৈ আছে গান্ধী মণ্ডপ । গান্ধী জয়ন্তী, গণৰাজ্য দিৱস, স্বাধীনতা দিৱসৰ দিনটোৰ বাদে আন সময়ত গান্ধী মণ্ডপত দেখা যায় কেৱল উকা ধ্বজাদণ্ড । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰায় দুই তিনিমাহ ধৰি উকা হৈ আছে গান্ধী মণ্ডপৰ ধ্বজাদণ্ড ।

No national flag at Gandhi Mandap for three months
তিনিমাহে অন্তৰ্ধান গান্ধী মণ্ডপৰ জাতীয় পতাকা

গুৱাহাটী,১ আগষ্ট: সমাগত স্বাধীনতা দিৱস । ইতিমধ্যে স্বাধীনতা দিৱসক লৈ প্ৰস্তুতি আৰম্ভ হৈছে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বজাৰ ভৰি পৰিছে জাতীয় পতাকাৰে । পিছে ১৫ আগষ্টৰ প্ৰাকক্ষণত উকা হৈ আছে গান্ধী মণ্ডপৰ ধ্বজাদণ্ড । দেশে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱাৰ সময়তে পতাকাবিহীন হৈছে মহানগৰীৰ গান্ধী মণ্ডপ ।

প্ৰায় দুই তিনিমাহৰ পৰা গান্ধী মণ্ডপৰ ৩১৯.৫ ফুট উচ্চতাত থকা ধ্বজাদণ্ড উকা হৈ আছে । ২.৯১ কোটি টকা ব্যয় সাপেক্ষে উত্তোলন কৰা পতাকাখন নোহোৱাৰ ফলত উকা হৈ পৰিছে গান্ধী মণ্ডপ । কেৱল গান্ধী জয়ন্তী, গণৰাজ্য দিৱস, স্বাধীনতা দিৱসৰ দিনটোৰ বাদে আন সময়ত গান্ধী মণ্ডপত দেখা যায় কেৱল উকা ধ্বজাদণ্ড ।

আনকি বিগত কেইবামাহো ধৰি গান্ধী মণ্ডপত এদিনৰ বাবেও দেখা পোৱা নগ'ল ৰাষ্ট্ৰীয় পতাকাখন । জুলাই মাহটোত গ্ৰীষ্মৰ বন্ধৰ বাবে অসমৰ লগতে আন ৰাজ্যৰ পৰা অহা দৰ্শনাৰ্থীয়ে ভিৰ কৰেহি গান্ধী মণ্ডপত । দৰ্শনাৰ্থীৰ বাবে গান্ধী মণ্ডপৰ পতাকাখনেই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল । সেয়ে গান্ধী মণ্ডপলৈ আহি দৰ্শনাৰ্থীসকলে পতাকাখন নেদেখি বহুজনে অসন্তুষ্টিও প্ৰকাশ কৰিছে ।

বৰষুণৰ বাবে পতাকাখন নমাই থোৱা বুলি গান্ধী মণ্ডপৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে । কৰ্মচাৰীজনে জনোৱা অনুসৰি স্বাধীনতা দিৱসৰ পূৰ্বে পতাকাখন লগোৱা হ'ব । যোৱা বছৰৰ ২ অক্টোবৰৰ পৰা গান্ধী মণ্ডপ চোৱাচিতাৰ দায়িত্ব থকা গুৱাহাটী স্মার্ট চিটি লিমিটেডৰ পৰা জি এম ডি লৈ হস্তান্তৰ কৰা হৈছে । সম্প্ৰতি জি এম ডি এ চোৱাচিতা কৰি আহিছে গান্ধী মণ্ডপ ।

উল্লেখ্য যে গুৱাহাটী স্মার্ট চিটি লিমিটেডে স্মার্ট চিটি নিৰ্মাণৰ অংশস্বৰূপে দক্ষিণ শৰণীয়াৰ গান্ধী মণ্ডপত ৰাষ্ট্ৰীয় পতাকা স্থায়ীভাৱে উত্তোলন কৰিছিল । টাটা কনছালটিং ইঞ্জিনীয়াৰ্ছ লিমিটেডে নির্মাণ কৰি উলিওৱা ৩১৯.৫ ফুট উচ্চতাৰ ধ্বজাদণ্ডত ২০১৮ চনৰ গান্ধী জয়ন্তীৰ দিনা প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হৈছিল । ১২০x৮০ ফুট আকৃতিৰ পতাকাখনত উত্তোলনৰ মাত্র ৪৮ দিনৰ পিচতে দেখা দিছিল বৃহৎ ফাট । বাৰংবাৰ ফাট মেলাৰ পিছত পতাকাখন উৰুৱাই ৰখাত ব্যৰ্থ হৈছিল স্মাৰ্ট চিটি কৰ্তৃপক্ষ ।

লগতে পঢ়ক: Unidentified Animal Disease: মৰাণৰ বিভিন্ন প্ৰান্তত অচিন ৰোগত আক্ৰান্ত শ শ গৰু-ছাগলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.