ETV Bharat / state

জি এছ টিৰ ক্ষতিপূৰণৰ পৰিৱৰ্তে অসমক ঋণহে দিছে কেন্দ্ৰই

author img

By

Published : Nov 3, 2021, 6:53 PM IST

জি এছ টিৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত নতুন নিয়ম আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । যাৰ বাবে এতিয়া বিত্তীয়ভাৱে ক্ষতিগ্ৰস্ত হ'ব অসম । কেন্দ্ৰীয় চৰকাৰৰ কি এই নতুন নিয়ম ?

gst return
জি এছ টিৰ ক্ষতিপূৰণৰ পৰিবৰ্তে অসমক ঋণহে দিছে কেন্দ্ৰই

গুৱাহাটী, ৩ নৱেম্বৰ : কেন্দ্ৰৰ কেকোঁৰা চেপা, মিঠা মিঠা প্ৰতিশ্ৰুতি আৰু কূট কৌশলৰ চক্ৰবেহুত সোমাই বিত্তীয়ভাৱে অসম চৰকাৰৰ অৱস্থা এতিয়া নাজল নাথল হৈছে গৈ । চৰকাৰখনে উপ নিৰ্বাচনৰ আগে আগে নানান প্ৰতিশ্ৰুতি দিলেও কাৰ্যতঃ বিত্তীয়ভাৱে একপ্ৰকাৰ লাওলোৱা অৱস্থা এতিয়া চৰকাৰৰ । বিশেষকৈ জি এছ টিৰ (GST) ক্ষতিপূৰণ হিচাপে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক আদায় দিবলৈ বাকী থকা ১,৭৭৩.৮৭ কোটি টকা এতিয়াও লাভ কৰা নাই অসমে ।

ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে এক নতুন নিয়ম আৰম্ভ কৰিছে, যাৰ ফলত বিত্তীয়ভাৱে অসম আৰু অধিক ক্ষতিগ্ৰস্তহে হ'ব । নতুন নিয়ম অনুসৰি ক'ভিডসৃষ্ট পৰিস্থিতিৰ দোহাই দি অসমে জি এছ টিৰ ক্ষতিপূৰণ হিচাপে পাবলগীয়া সেই সমুদায় ধন‌ কেন্দ্ৰই বিভিন্ন উৎসৰ পৰা অসম চৰকাৰক ঋণ হিচাপে লোৱাৰহে দিহা কৰি দিছে । অৱশ্যে সেই ঋণৰ গেৰান্টৰ হিচাপে আছে কেন্দ্ৰীয় চৰকাৰ (Central Government) । কিন্তু ঋণৰ সুদ ভৰিব লাগিব অসম চৰকাৰে ।

অৰ্থাৎ কেন্দ্ৰই যদিহে সময় মতে ঋণ পৰিশোধ নকৰে তেন্তে ইয়াৰ বাবেও অতিৰিক্ত সুদ অসমেই আদায় দি থাকিব লাগিব । এই ব্যৱস্থাৰ অংশ স্বৰূপেই বিগত চাৰিটা মাহত কেন্দ্ৰীয় চৰকাৰে অসমক বিভিন্ন উৎসৰ পৰা ১,৭৭৩.৮৭ কোটি টকা ঋণ ল'বলৈ বাধ্য কৰিছে ।

বিত্ত বিভাগৰ (Finance Department) পৰা প্ৰাপ্ত তথ্য অনুসৰি এই "নতুন ব্যৱস্থা" মতেই বিগত জুলাইৰ পৰা অক্টোবৰ মাহলৈ বিভিন্ন বেংকৰ পৰা অসম চৰকাৰে এই ১,৭৭৩.৮৭ কোটি টকা ঋণ লৈছে । প্ৰাপ্ত তথ্য অনুসৰি ১৫ জুলাইত ৮৩৬.৮১ কোটি, ৭ অক্টোবৰত ৪৪৬.৩০ কোটি, ২৮ অক্টোবৰত ৪৯০.৭৬ কোটি টকা অসম চৰকাৰে বিভিন্ন বেংকৰ পৰা ঋণ লৈছে । মনকৰিবলগীয়া যে বিগত তিনিটা বছৰত অসম চৰকাৰে কেৱল সুদেই পৰিশোধ কৰিব লগীয়া হৈছে ১৪,৪৩৭ কোটি টকা ।

লগতে পঢ়ক :ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি, 7 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.