ETV Bharat / state

RSS তেই বাক স্বাধীনতা নাই বিজেপিত ক’ত থাকিব; এইবাৰ গৌৰৱ গগৈৰ কটাক্ষ

author img

By

Published : Apr 11, 2022, 9:26 PM IST

বিমানৰ ভিতৰত এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক দেওবাৰে গেছ আৰু পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ প্ৰশ্নৰে থকা-সৰকা কৰিছিল (Smriti Irani's face off with congress leader on flight) ৷ এতিয়া এই সন্দৰ্ভত মন্তব্য আগবঢ়াবলৈ গৈ RSS , BJP ৰ ভিতৰ চোৱাত বাক স্বাধীনতা নাই বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৷

No freedom of speech in BJP says MP Gaurav Gogoi
RSS তেই বাক স্বাধীনতা নাই, BJP ত কত থাকিব ? এইবাৰ গৌৰৱ গগৈৰ কটাক্ষ

গুৱাহাটী, ১১ এপ্ৰিল : দীৰ্ঘ সময়ৰ পিছত পুনৰ মুখ খুলিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সন্মিলনত ভাগ ল’বলৈ আজি বিধানসভালৈ অহা সাংসদ গৰাকীয়ে সাংবাদিকে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । দেওবাৰে বিমানৰ ভিতৰত এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক গেছ আৰু পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ যি প্ৰশ্ন কৰিছিল সেয়া গণতান্ত্ৰিক দেশ এখনৰ নাগৰিকৰ অধিকাৰ (Smriti Irani's face off with congress leader on flight)।

এয়াই লোকতন্ত্ৰ । কিন্তু ইয়াক বিশ্বাস নকৰা বিজেপিয়ে সমগ্ৰ ঘটনাটোৰ অপব্যাখ্যা কৰিলে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে । তেওঁ লগতে আৰু কয় যে বিজেপিত বাক স্বাধীনতাৰ স্থান নাই (No freedom of speech in BJP says Gaurav Gogoi) । গৌৰৱ গগৈয়ে মন্তব্য কৰে "আৰ এছ এছতেই বাক স্বাধীনতা নাই, বিজেপিত কেনেকৈ থাকিব । অথচ তেওঁলোকে গোটেই দেশখন আৰ এছ এছ কৰিব বিচাৰিছে'' ৷

ইয়াৰোপৰি তেওঁ কয়, ''বিজেপি দলতেই কিমান পুৰণি পুৰণি নেতা আজি গুৰুত্বহীন । তেওঁলোকে মুখ খুলিব লাগিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ কি অৱস্থা হ’ব সকলোৱে জানে । কিন্তু বিজেপিত কাৰোৱেই বাক স্বাধীনতা নাই । সেইবাবে সেইসকল নেতাই মুখ বন্ধ কৰি বহি আছে" ৷

আনহাতে, ৰাজ্যসভা নিৰ্বাচনৰ পিছৰে পৰা আৰম্ভ হৈ পৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দ্বন্দ সন্দৰ্ভত অতি কৌশলী মন্তব্য আগবঢ়াই কংগ্ৰেছ সাংসদ গৰাকীয়ে । এ আই ইউ ডি এফৰ নাম উচ্চাৰণ নকৰাকৈয়ে তেওঁ কয় "একাংশ বিৰোধী ৰাজনৈতিক দলে বিভিন্ন চাপত পৰিয়েই হওক বা নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই হওক, বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে । কিন্তু কংগ্ৰেছৰ লক্ষ্য উদ্দেশ্য এটাই বিজেপিৰ বিৰুদ্ধাচৰণ কৰা" ৷

ইপিনে, এ আই ইউ ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ইতিমধ্যে মন্তব্য কৰিছে যে ২০২৪ আৰু ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছ ধূলিস্যাৎ হৈ যাব । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয় " হিন্দীত এষাৰ কথা আছে 'ডাল মে কুছ কালা হে' । অৱস্থাটো ঠিক তেনেকুৱা হৈছে । কংগ্ৰেছ ধূলিস্যাৎ হৈ গলে লাভ কাৰ হ’ব ? বিজেপিৰ । সেইবাবেই তেনে মন্তব্য কৰিছে" ৷

লগতে পঢ়ক : Weapons rescued: কোকৰাঝাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.