ETV Bharat / state

পাটোৱাৰী উদ্ধাৰ অভিযানৰ বাবে শুকুৰবাৰে আহি আছে গাডকাৰী - assam poll 2021

আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী ৷ চামতা আৰু ধৰ্মপুৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ দুখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব গাডকাৰীয়ে ৷

nitin gadkari to visit assam on friday
পাটোৱাৰী উদ্ধাৰ অভিযানৰ বাবে শুকুৰবাৰে আহি আছে গাডকাৰী
author img

By

Published : Mar 25, 2021, 10:57 AM IST

গুৱাহাটী, 25 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি অন্ত পৰিব যদিও ৰাজ্যত জোৰদাৰ গতিত অব্যাহত আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান । কাইলৈ অৰ্থাৎ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী ।

nitin gadkari to visit assam on friday
চামতা আৰু ধৰ্মপুৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ দুখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব গাডকাৰীয়ে

শুকুৰবাৰে দিনৰ 11:30 বজাত দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত গাডকাৰী হেলিকপ্টাৰ যোগে ৰাওনা হব নলবাৰী জিলাৰ চামতা অভিমুখে । চামতা আৰু ধৰ্মপুৰত তেওঁ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ দুখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব ।

এই দুখন সভা সামৰি গাডকাৰী ধুবুৰীলৈ উৰা মাৰিব আৰু জিলাখনৰ গোলকগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰৰ হৈ তেওঁ গোলকগঞ্জত এখন নিৰ্বাচনী সভাত ভাগ লৈ হেলিকপ্টাৰ যোগে গুৱাহাটীলৈ উভতি আহিব ।

বিয়লি 3:40 বজাত গুৱাহাটীত উপস্থিত হৈয়েই তেওঁ এখন‌ সংবাদমেলত ভাগ ল'ব । সংবাদমেলৰ পাছতে বিয়লি 5:30 বজাত বিশেষ বিমানযোগে গাডকাৰী নাগপুৰ অভিমুখে উৰা মাৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বিজেপিয়ে তৰল সাম্প্ৰদায়িক কথাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে : লুৰিণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.