গুৱাহাটী, ৫ জুন : বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা অসুস্থ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি বিশিষ্ট শিল্পীগৰাকী । ক'ভিড (covid-19) ত আক্ৰান্ত শিল্পীগৰাকীক পুৱা জি এম চি এইছ (GMCH)ৰ মাল্টি স্পেছিয়েলিটি ইউনিটত ভৰ্তি কৰোৱা হয় । শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাত তেওঁক লগে লগে চিকিৎসালয়লৈ অনা হয় ।
অৱশ্যে হাস্পতাল কতৃপক্ষই জনোৱা মতে বিশিষ্ট শিল্পীগৰাকীৰ স্বাস্থ্য সম্প্ৰতি পূৰ্বতকৈ সুস্থিৰ । শেহতীয়াকৈ অসমৰ দুগৰাকী বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু পদ্মশ্ৰী লক্ষ্মীনন্দন বৰাৰ দেহাৱসানৰ পিছতে বিশিষ্ট শিল্পী নীলপৱন বৰুৱাও চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হোৱাত এতিয়া চিন্তিত বৌদ্ধিক মহল ।
ইফালে পুৱাই জি এম চি এইছ (GMCH)ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । হোজাই কাণ্ডৰ ভুক্তভোগী চিকিৎসক ড৹ সেউজ কুমাৰ সেনাপতিক সাক্ষাৎ কৰাৰ লগতে বিশিষ্ট শিল্পী নীলপৱন বৰুৱাৰো স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক:বিলাসীপাৰা প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন