গুৱাহাটী, ৮ এপ্ৰিলঃ অসমীয়া ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা নীলিম দত্তৰ অসমৰ ৰাইজলৈ আহ্বান । এনে বিপৰ্যয়ৰ সময়ত সকলোৱে সামাজিক দূৰত্ব অটুট ৰাখি কৰ'ণা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে প্ৰতিজন ব্যক্তিক।
এই ভাইৰাছৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ উপায় সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে নিজকে নিজৰ পৰিয়ালৰ লগত আবদ্ধ কৰি সুৰক্ষিত থকা । গতিকে সকলোকে লকডাউনৰ সময়ত সজাগ সচেতন হৈ থকাৰ বাবে অনুৰোধ কৰিলে নীলিম দত্তই ।