ETV Bharat / state

Rangali Bihu of Assam : অসম সাহিত্য সভাৰ কাৰ্যালয়ত নিজৰ দিন উদযাপন - আজি পহিলা ব’হাগ

আজি পহিলা ব’হাগ । ৰঙালীৰ আনন্দত মতলীয়া সমগ্ৰ ৰাজ্য । ঢোলৰ গুমগুমনি, পেঁপাৰ লহৰত কঁপি উঠিছে সমগ্ৰ ৰাজ্য । চুবুৰীয়ে চুবুৰীয়ে শুনা গৈছে কেৱল বিহুনাম । অসম সাহিত্য সভাৰ গুৱাহাটীত থকা কাৰ্যালয়ৰ বাকৰিতো হুঁচৰি জুৰিলে গৰখীয়া ল'ৰাহতে (Assam Sahitya Sabha office celebrates Nijor Din) ।

Assam Sahitya Sabha office celebrates Nijor Din
ৰঙালীৰ আনন্দত মতলীয়া সমগ্ৰ ৰাজ্য
author img

By

Published : Apr 15, 2023, 8:14 PM IST

ৰঙালীৰ আনন্দত মতলীয়া সমগ্ৰ ৰাজ্য

গুৱাহাটী, ১৫ এপ্ৰিল : ৰাজ্যজুৰি ৰঙালীৰ ব্যাপক উচাহৰ ঢল (Rangali Bihu of Assam) । উখল-মাখল ৰাজ্যৰ উজনি নামনি । চৌদিশে শুনা গৈছে তিহিতি পেঁপাৰ মাত, ঢোলৰ গুমগুমনি । ব্যতিক্ৰম নহয় অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ চৌহদো । ঢোলৰ গুমগুমনিত কঁপি উঠিল অসম সাহিত্য সভাৰ গুৱাহাটীত থকা কাৰ্যালয়ৰ বাকৰি । অসম সাহিত্য সভাৰ 'নিজৰ দিন' শীৰ্ষক কাৰ্যসূচীৰে পহিলা ব'হাগৰ দিনাই অনুষ্ঠিত কৰা হয় ৰঙালী বিহুৰ কাৰ্যসূচী (Assam Sahitya Sabha office celebrates Nijor Din) ।

এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৽ উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৽ ধ্ৰুৱজ্যোতি বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৽ পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱী উপৰিও বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি (Rangali Bihu 2023) ।

অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত ভাষণ দি অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে অসমীয়াৰ বাপতি সাহোন এই উৎসৱটি তাহানিৰে পৰাই অসমীয়া জাতিৰ হাঁড়ে হাঁড়ে, সিৰাই সিৰাই শিপাই আছে ৷ সেউজীয়া কোমল কুঁহিপাতে ব’হাগৰ আগজাননী দিয়ে ৷ অসমীয়াৰ আদৰৰ, অসমীয়া জাতিৰ চিনাকি তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহুটিয়েই হ’ল প্ৰতিজন অসমীয়াৰেই প্ৰাণস্বৰূপ (Bihu celebration across Assam) ৷

ৰঙালী বিহুটি যেন আমাৰ বৰ আপোন, বৰ মৰমৰ । কঙালী আৰু ভোগালী বিহুৰ লোকাচাৰসমূহ খেতি-বাতিৰ সৈতে বেছি জড়িত থকাৰ বিপৰীতে ৰঙালী বিহুটিৰ লোকাচাৰ সমূহ নতুন সৃষ্টিৰ বাবে, প্ৰকৃতিৰ নিয়ম মানি মিলনোন্মুখ জীৱৰহেতু পালন কৰা হয় ৷ সমাজৰ বাবে প্ৰজন্ম আৰু প্ৰজন্মৰ বাবে শস্যৰ কৰ্ষণ, এই সময়চোৱাতেই এই দুয়োকুল জীৱৰেই অংকুৰণৰ যো-জা কৰা হয় ৷

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৽ পৰমানন্দ ৰাজবংশী কয় যে বিহু হ’ল চহা জীৱনৰ সৈতে সম্পৰ্ক থকা এটি উৎসৱ ৷ সাধাৰণভাৱে চালেই দেখা যায় যে বিহুৰ লোকাচাৰসমূহ প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৽ ধ্ৰুৱজ্যোতি বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীৰ উপৰিও বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি চমু ভাষণ আগবঢ়ায় । ভাষণৰ পিচতে হুঁচৰি দলে অসম সাহিত্য সভাৰ গুৱাহাটীত থকা কাৰ্যালয়ৰ বাকৰিত হুঁচৰি প্ৰদৰ্শন কৰি পৰিৱেশ সজীৱ কৰি তোলে ।

লগতে পঢ়ক : Rangali Bihu of Assam : আজি পহিলা ব'হাগ: পৰম্পৰা ৰক্ষা কৰি তেজপুৰত মানুহ বিহু পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.