ETV Bharat / state

চিকিৎসক নিগ্ৰহ: চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ আয়োগে

author img

By

Published : Jun 5, 2021, 9:52 PM IST

ৰাজ্যত এতিয়া পোহৰলৈ আহিছে এজনৰ পাচত আন এজন চিকিৎসকক প্ৰহাৰ কৰাৰ ঘটনা ৷ হোজাই ফুলতলি কাণ্ডৰ উত্তেজনা মাৰ নৌ যাওতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় কাছাৰ আৰু মৰিয়নীত ৷ চিকিৎসক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চিকিৎসক-চিকিৎসাকৰ্মীৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মাত মাতিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৷

NHRC calls for the reports from the Government of Assam
চিকিৎসক নিগ্ৰহ: চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ আয়োগে

নিউজ ডেস্ক, 5 জুন: হোজাই জিলাৰ লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত 1 জুনত সংঘটিত হোৱা চিকিৎসক নিগ্ৰহৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ক’ভিড চিকিৎসালয়খনত কৰ্তব্যৰত ডাঃ সেউজ কুমাৰ সেনাপতিক এজন মৃত ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰাৰ লগতে ভাঙি চূড়মাৰ কৰিছিল চিকিৎসালয়খনৰ বহু আচবাব ৷ এই ঘটনাৰ পাচতে ঘটনাস্থলীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত উপস্থিত হৈ কোনো দোষী সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰিছিল ৷ যাৰ পাচতে অসম আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত লোকসকলৰ সন্ধানত অভিযান আৰম্ভ কৰি শনিবাৰ পৰ্যন্ত 28 জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত 26 জনক আটক

ইতিমধ্যে চিকিৎসক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসক-চিকিৎসাকৰ্মীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ তাৰ মাজতে শনিবাৰে ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কেতবোৰ পৰামৰ্শ সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ

ইয়াৰ মাজতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে চিকিৎসকৰ ওপৰত হোৱা নিৰ্মম আক্ৰমণৰ ঘটনাৰ অভিযোগৰ বুজ লোৱাৰ পাচত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা 4 সপ্তাহৰ ভিতৰত ঘটনাৰ ৰিপ’ৰ্ট বিচাৰিছে ৷ অভিযোগবোৰৰ তদন্তৰ উপৰিও প্ৰতিবেদনখনত বিষয়টোত লোৱা প্ৰয়োজনীয় প্ৰতিৰোধমূলক আৰু শাস্তিমূলক ব্যৱস্থাসমূহৰ বিষয়ও অন্তৰ্ভুক্ত থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: চিকিৎসকক আক্ৰমণকাৰীক কঠোৰ সকীয়নি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

জানিব পৰা মতে, আয়োগে দেশৰ আগশাৰীৰ স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবলৈ অভিযোগৰ এটা প্ৰতিলিপিও প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে, লংকাৰ উদালীৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌ যাওতেই, পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় কাছাৰৰ কাটিগড়াৰ কালাইন হাস্পতাল আৰু মৰিয়নীত ৷

লগতে পঢ়ক: কাকজান চাহ বাগিছাত কথমপি প্ৰাণ ৰক্ষা চিকিৎসকৰ

মঙলবাৰে কালাইন এফআৰইউৰ এদল স্বাস্থ্যকৰ্মীৰ ওপৰত আক্ৰমণৰ চেষ্টা চলোৱা হয় ৷ বাগিছাখনৰ কিছু শ্ৰমিকক ক’ভিড টেষ্ট কৰি হাস্পতাললৈ উভতি অহাৰ পথতে স্বাস্থ্যকৰ্মী সকলক আক্ৰমণৰ চেষ্টা কৰে এদল উদণ্ড যুৱকৰ দলে । পৰৱৰ্তী সময়ত এই ঘটনাৰ লগত জড়িত চাৰিজনকৈ অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: চিকিৎসাকৰ্মীক পুনৰ প্ৰহাৰ: আটক চাৰিজন

বৃহস্পতিবাৰেও অনুৰূপ ঘটনা সংঘটিত হয় মৰিয়নীত ৷ য’ত এজন মৃত শ্ৰমিকৰ পৰিয়ালৰ লোকৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে এজন চিকিৎসকৰ । বাগিছাৰ একাংশ শ্ৰমিক আৰু গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে কাকজান চাহ বাগিছাৰ চিকিৎসকৰ ।

লগতে পঢ়ক: হোজাইত চিকিৎসকক প্ৰহাৰ: ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.