ETV Bharat / state

Subansiri Lower Dam: গেৰুকামুখ নদীবান্ধৰ নামনিৰ অংশৰ খহনীয়া ৰোধৰ বাবে প্ৰায় 200 কোটি টকা ধাৰ্য NHPCৰ - Subansiri Dam

বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ পূৰ্বে নামনি সোৱণশিৰিৰ ভাবুকিপূৰ্ণ অঞ্চলত হ’ব পৰা সাম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি NHPCয়ে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ প্ৰায় 16 টাৰো অধিক ভাবুকিপূৰ্ণ অঞ্চল চিনাক্ত কৰি NHPCয়ে খহনীয়া প্ৰতিৰোধৰ বাবে ধাৰ্য কৰিছে ১৮৯.০৫ কোটি টকা ৷

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:30 PM IST

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: বিতৰ্কিত নামনি সোৱণশিৰিৰ নদীবান্ধৰ নামনিৰ অংশত ব্যাপক হাৰত সোৱণশিৰি নদীৰ গৰা খহনীয়াই নৈপৰীয়া জনতাক আতংকিত কৰি আহিছে ৷ তাৰ মাজতে আহিছে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে বান্ধ নিৰ্মাণকাৰী সংস্থা NHPC য়ে প্ৰকল্পৰ কাম মঞ্জুৰ কৰাৰ এটা বাতৰি ৷ নদীবান্ধৰ নামনি অঞ্চলত খহনীয়া ৰোধৰ বাবে মুঠ ১৮৯.০৫ কোটি টকা ব্যয়ৰে ১৬ টা স্থানত প্ৰকল্পত ধন মঞ্জুৰ কৰিছে NHPC য়ে ৷

সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ৰণোজ পেগুৱে ৷ মন্ত্ৰী পেগুৱে সামাজিক মাধ্যমত সদৰী কৰিছে, “আজি NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক শ্ৰী বিপিন গুপ্তাৰ সৈতে বাৰ্তালাপ কৰি নিশ্চিত কৰোঁ যে সোৱণশিৰি বান্ধৰ নামনি এলেকাত ভীমপৰা, ঘূণাসুঁতি আৰু পূৱ তেলাহী পঞ্চায়তত ১৮৯.০৫ কোটি টকা ব্যয়েৰে ১৬টা খহনীয়া প্ৰতিৰোধী প্ৰকল্পৰ কাম মঞ্জুৰ কৰা হৈছে । NHPCয়ে ইতিমধ্যে নিবিদা আহ্বানৰ কাম আৰম্ভ কৰিছে ।” বান্ধৰ নামনিৰ ৩০ কিলোমিটাৰৰ বাহিৰত NHPCৰ দ্বাৰা খহনীয়া সুৰক্ষা কামৰ ব্য়ৱস্থা কৰা হৈছে বুলি মন্ত্ৰী ৰণোজ পেগুৱে সদৰী কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">
লগতে NHPCৰ দ্বাৰা মঞ্জুৰি প্ৰাপ্ত খহনীয়া ৰোধৰ প্ৰকল্পত কোন ঠাইত কিমান টকা ধাৰ্য কৰা হৈছে তাৰো এখন তালিকা ৰাজহুৱা কৰিছে ৰণোজ পেগুৱে ৷ সেই অনুসৰি খহনীয়াৰ পৰা ৰক্ষা কৰিবলগীয়া প্ৰকল্পৰ প্ৰথমতেই আছে সোৱণশিৰিৰ বাওঁ পাৰৰ ঘূণাসুঁতি গাঁও পঞ্চায়তৰ কলিয়ানীৰ নাম ৷ ঘূণাসুঁতি গাঁও পঞ্চায়তৰ কলিয়ানীৰ বাবে ৯০০ মিটাৰৰ খহনীয়াহৰোধৰ বাবে ১৩.৮৬ কোটি টকা মঞ্জুৰ কৰা হৈছে ৷

বালিভেটাৰ বাওঁফালৰ পাৰ আৰু ঘাগৰ কলাখোৱাৰ সোঁপাৰৰ ৯০০ মিটাৰকৈ খহনীয়া প্ৰতিৰোধৰ বাবেও ১৩.৮৬ কোটি টকাকৈ ধাৰ্য কৰা হৈছে । একেদৰে সোৱণশিৰিৰ সোঁপাৰৰ হেকেৰাজানৰ ৯০০ মিটাৰৰ প্ৰতিৰোধৰ বাবে ১৩.৩ কোটি টকা, সোঁপাৰৰ সোণোৱাল গাঁৱৰ ১০০০মিটাৰৰ খহনীয়া ৰোধৰ বাবে ১৫.৪ কোটি টকা মঞ্জুৰ কৰিছে NHPC য়ে ৷

ইয়াৰ উপৰিও, সোঁপাৰৰ মাইজান এলেংৰিৰ ৯০০ মিটাৰ পাৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ১৩.৮৬ কোটি টকা, সোঁপাৰৰ ঘনচৰাইৰ এটা অংশৰ ৫০০ মিটাৰৰ বাবে ৭.৭২ কোটি টকা, ঘনচৰাইৰ আন এটা অংশৰ ১ কিঃমিঃৰ খহনীয়া প্ৰতিৰোধৰ বাবে ১৫.৪ কোটি টকা মঞ্জুৰ কৰা হৈছে ৷

লগতে সোঁপাৰৰ সোমদিৰি, কাকতিটুপৰ ৯০০ মিটাৰ পাৰৰ খহনীয়া ৰোধৰ বাবে ১৩.৮৬ কোটি টকা, বাঁওপাৰৰ ক্ৰমে নাহৰণিৰ ১০০০ মিটাৰ অৰ্থাৎ এক কিঃমিঃৰ বাবে ৩.৭৯ কোটি টকা, ভীমপৰা গাঁও পঞ্চায়তৰ লঠীয়াকলা, এছেৰাকটা-গুৱালবাৰী আৰু ন-আলীৰ প্ৰত্যেকৰে ৯০০ মিটাৰৰ বাবে ১৩.৮৬ কোটি টকা, মুৰুলীয়াৰ ১ কিঃমিঃৰ বাবে ৪.২১ কোটি টকা, হৰিদাসৰ ১ কিঃমিঃৰ বাবে ১৫.৪ কোটি টকা, ছাগলীকটাৰ ৭০০ মিটাৰৰ বাবে ২.৯৫ কোটি টকাৰ মঞ্জুৰ কৰিছে NHPCয়ে ৷

উল্লেখযোগ্য যে শীঘ্ৰেই NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিবলৈ অগ্ৰসৰ হৈছে NHPC ৷ কিন্তু তাৰ পূৰ্বেই বান্ধৰ নামনিৰ সোৱণশিৰিৰ বিভিন্ন ঠাইত ব্যাপক গৰাখহনীয়াই জনজীৱনলৈ ভাবুকি মাতি আনিছে ৷ সেয়ে বিভিন্ন দল-সংগঠনে নামনিৰ জনজীৱন আৰু সম্পত্তিৰ সুৰক্ষা দাবী কৰি আহিছিল ৷

তাৰে পৰিপ্ৰেক্ষিতত এই ধনৰাশি মঞ্জুৰ কৰিবলৈ বাধ্য হৈছে NHPC ৷ এই ১৮৯.০৫ কোটি টকাৰ আঁচনিৰে বান্ধৰ নামনিত বিদ্যুৎ উৎপাদন নৌহওঁতেই আৰম্ভ হোৱা বিশাল অঞ্চলৰ খহনীয়া ৰোধ কৰি ভুক্তভোগী জনতাক সুৰক্ষা দিব পাৰিব নে নোৱাৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: NHPC big dam: বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ কংক্ৰিটৰ কাম সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.