ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীত এ এন এম কৰ্মীৰ সংবাদমেল

ঠিকাভিত্তিক হিচাবে নিয়োজিত এ এন এম কৰ্মীসকলৰ অভিযোগ সমাজৰ পৰিয়াল সকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষাৰ বাবে এ এন এম নাৰ্চ সকলে দীৰ্ঘ বছৰে নিষ্ঠাৰে সৈতে কাম কৰি আহিছে ৷ তাৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা মাত্ৰ অতি ন্যূনতম মাননী প্ৰদান কৰি আহিছে ৷ কিন্তু ইমান বছৰে সেৱা আগবঢ়াই অহাৰ পাছতো চৰকাৰে নতুনকৈ বিজ্ঞাপন দি পুনৰ এ এন এম নিযুক্তিৰ ব্যৱস্থা কৰিছে ৷

NHM NURSE
NHM NURSE
author img

By

Published : Oct 15, 2020, 6:20 PM IST

গুৱাহাটী, 15 অক্টোবৰ : চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটী প্ৰেছক্লাৱত এন এইচ এমৰ অধীনত কৰ্মৰত এ এন এম কৰ্মীসকলৰ সংবাদমেল ৷ ২০০৬ চনৰে পৰা নিযুক্ত হৈ থকা এ এন এম নাৰ্চসকলৰ চাকৰিৰ বয়স পাৰ হৈ যোৱাৰ পাচতো তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে নতুনকৈ এ এন এম নাৰ্চ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ঠিকাভিত্তিক হিচাবে নিয়োজিত হৈ থকা এ এন এম কৰ্মী সকলে ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত এ এন এম কৰ্মীৰ সংবাদমেল

ঠিকাভিত্তিক হিচাবে নিয়োজিত এ এন এম কৰ্মীসকলৰ অভিযোগ “সমাজৰ পৰিয়াল সকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষাৰ বাবে এ এন এম নাৰ্চ সকলে দীৰ্ঘ বছৰে নিষ্ঠাৰে সৈতে কাম কৰি আহিছে ৷ তাৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা মাত্ৰ অতি ন্যূনতম মাননী প্ৰদান কৰি আহিছে ৷ কিন্তু ইমান বছৰে সেৱা আগবঢ়াই অহাৰ পাছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে ঠিকাভিত্তিক হিচাপে কৰ্মৰত এ এন এম নাৰ্চসকলৰ চাকৰি সুনিশ্চিত কৰাৰ পৰিৱৰ্তে নতুনকৈ বিজ্ঞাপন দি পুনৰ এ এন এম নিযুক্তিৰ ব্যৱস্থা কৰিছে ৷ যাৰ পৰা চূড়ান্ত ভাৱে বঞ্চিত কৰা হৈছে বৰ্তমানে ঠিকাভিত্তিক হিচাবে নিয়োজিত কৰ্মীসকলক ৷

কিয়নো নতুনকৈ প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি বৰ্তমানে কৰ্মৰত অধিকাংশ কৰ্মীৰে চাকৰীৰ বাবে আবেদন কৰিবলৈ বয়সৰ সীমা অতিক্ৰম কৰিছে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে ঠিকাভিত্তিক হিচাবে নিয়োজিত এ এন এম কৰ্মী সকলৰ সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা প্ৰদান কৰাৰ কথা কৈছিল যদিও সেয়া আজি পৰ্যন্ত কাৰ্যক্ষম নহ’ল ৷

দীৰ্ঘ বছৰ ধৰি চাকৰি কৰি থকাৰ পাছতো তেওঁলোকৰ প্ৰাপ্য আদায় দিয়াৰ পৰিৱৰ্তে বিজ্ঞাপনৰ যোগেদি নতুনকৈ এ এন এম কৰ্মী নিযুক্ত কৰিব খোজা বিষয়টোক গৰিহণা দি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনালে এন এইছ এমৰ অধীনত কৰ্মৰত এ এন এম নাৰ্চ সকলে ৷

লগতে পঢ়ক : অহা ১৯ অক্টোবৰৰ পৰা নিম্ন আদালতৰ কাম-কাজ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.