ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ - NEWS@7

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ

NEWS@7
7 বজাৰ 10 টা শীৰ্ষ খবৰ
author img

By

Published : Jun 25, 2021, 7:06 PM IST

1. কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

নতুন সভাপতি বাচনিৰ বিষয়টোত গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্ব এখোজ আগুৱাই দুখোজ পিছুৱাব লগীয়া হৈছে ৷ কিয়নো 2024 ৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি দল এইজন নতুন সভাপতিৰ নেতৃত্বতে অৱতীৰ্ণ হ'ব লাগিব ।

2.আজৱ কাণ্ড: জন্ম হোৱা পুত্ৰ সন্তান কিছু সময়ৰ পাচতে হৈ পৰিল কন্যা সন্তান

মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi civil hospital)ত শিশুৰ সাল সলনি অভিযোগ। পিতৃ আজিম আলি আৰু মাতৃ আচমা বেগমৰ অভিযোগ অনুসৰি সাল সলনি হৈছে তেওঁলোকৰ সন্তান। পৰিয়ালতোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। চিকিৎসালয় কৰ্তৃপক্ষক ইতিমধ্যে অভিযোগ দাখিল কৰিছে পৰিয়ালৰটোৱে ।

3.লালু প্ৰসাদৰ আগমনে কেনে প্ৰভাৱ পেলাব বিহাৰৰ ৰাজনীতিত ?

দিল্লীৰ পৰা সুস্থহৈ অতি শীঘ্ৰে বিহাৰলৈ আহিব আৰজেডি (RJD)ৰ শীৰ্ষ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ । তেওঁৰ আগমনৰ খবৰ পোৱাৰ লগে লগে বিহাৰৰ ৰাজনীতিত পুনৰ গৰম বতাহ বলিছে । বিভিন্নজনে আশা কৰা মতে বিহাৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তন হ'ব নেতাগৰাকীৰ আগমনত ।

4.৭ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIAৰ

তেহৰিক-উল-মুজাহিদীনৰ ৭টা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই । দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ বাবে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীৰ সৈতে ষড়যন্ত্ৰ ৰচনা কৰা আৰু জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু কুৱেইটত থকা সহযোগী সন্ত্ৰাসবাদীয়ে দেশত সন্ত্ৰাসজনিত কাৰ্য সম্পাদন কৰা সহযোগ কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই ।

5.বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ Business Economics

বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ প্ৰকাশ কৰা হৈছে 'Business Economics' নামৰ এখনি উন্নত মানৰ গ্ৰন্থ । অধ্যাপক ড° কিশোৰ সিং ৰাজপুত, অধ্যাপক ড° সম্পত মুখাৰ্জী আৰু অধ্যাপক ডি.কে. সাহাৰ তত্বৱধানত প্ৰকাশ কৰা হৈছে গ্ৰন্থখন ।

6.দুদিনৰ বাবে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক দুদিনৰ বাবে সকাহ প্ৰদান কৰিছে নিয়া আদালতে ৷ অসুস্থ মাতৃক সাক্ষাৎ কৰিবৰ বাবে অনুমতি বিচাৰি আদালতত দাখিল কৰা অখিল গগৈৰ আবেদনৰ ভিত্তিতে শুকুৰবাৰে অনুমতি প্ৰদান কৰে নিয়া(NIA)আদালতে ৷

7.১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ বাবে কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে জৰুৰীকালীন অৱস্থাৰ সেই "ক'লা দিনবোৰ"(dark days) কেতিয়াও পাহৰিব নোৱাৰি । তেওঁ লগতে ভাৰতৰ গণতান্ত্ৰিক চেতনা শক্তিশালী কৰাৰ আৰু সংবিধানত সন্নিবিষ্ট মূল্যবোধৰ সৈতে জীয়াই থকাৰ প্ৰতিশ্ৰুতি ল'বলৈ সকলোকে আহ্বান জনায় ।

8.উজনি অসমৰ একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰটো পুনৰ মুকলিৰ দাবী ছাত্ৰ সন্থাৰ

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত উজনি অসমৰ খোৱাঙৰ ধান ক্ৰয় কেন্দ্ৰটো বিগত 31 মে' পৰা বন্ধ হৈ আছে ৷ উজনিৰ বিভিন্ন স্থানৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা হৈছিল এই কেন্দ্ৰটোত । সম্প্ৰতি কেন্দ্ৰটো বন্ধ হৈ পৰাত কৃষক সকল চিন্তাত পৰিবলগীয়া হৈছে ।

9.তিনিচুকীয়া জিলাক ৰেড জ'ন(Red Zone) হিচাপে ঘোষণা

ৰেড জ'ন(Red Zone) হিচাপে ঘোষণা কৰা হ'ল তিনিচুকীয়া(Tinsukia) জিলাক । জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে । ৰাজ্যৰ ১৫ খন জিলাক ঘোষণা কৰা হৈছে ৰেড জ'ন হিচাপে ।

10.মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথত জাল পাতিলে কোনে ?

বঙাইগাঁও জিলাৰ মানিকপুৰৰ পাতিলাদহা তিনি আলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান লৈ যোৱা পথচোৱা বিগত বছৰে নিৰ্মাণ নোহোৱাত জহি খহি গৈছে পথটো ৷ পৰ্যটনৰ অন্যতম স্থল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো নিৰ্মাণ নোহোৱাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদকে ধৰি বিভিন্ন সংগঠনে পথত জাল মাৰি, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.