গুৱাহাটী, ৩ ছেপ্টেম্বৰ : অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে শনিবাৰে শপত গ্ৰহণ কৰে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে । ৰাজ ভৱনত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে নৱনিযুক্ত অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীক কৰ্তব্য আৰু দায়িত্বৰ শপত বাক্য পাঠ কৰায় (Bharat Bhushan Debchowdhury takes oath)।
শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । মুখ্যমন্ত্ৰীয়ে ভাৰত ভূষণ দেৱ চৌধুৰীৰ সবল নেতৃত্বত অসম লোকসেৱা আয়োগে এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।
লগতে গুৰুত্বপূৰ্ণ সাংবিধানিক কৰ্তব্য পালনৰ প্ৰাকক্ষণত তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখ্য যে, জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে (Newly appointed Chairman of APSC Bharat Bhushan Debchowdhury) । শেহতীয়াকৈ তেওঁ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।
এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱ চৌধুৰী বিশিষ্ট লেখক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ । পূৰ্বেও তেওঁ এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল । নলবাৰীকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী ।
লগতে পঢ়ক : ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত আয়োগৰ সদস্য ড৹ অজন্তা নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল । অৱশেষত ৰাজ্য চৰকাৰে ভাৰত ভূষণ দেৱ চৌধুৰীক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াত আজি তেওঁ শপত গ্ৰহণ কৰে ।
লক্ষণীয় বিষয় যে, ৰাকেশ পালৰ কাৰ্যকালত অসম লোকসেৱা আয়োগক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল । বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী সংঘটিত হৈছিল ৰাকেশ পালৰ কাৰ্যকালত । তাৰ পিছতে তদন্তৰ আওতালৈ আহে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়া তথা তদানীন্তন অধ্যক্ষ ৰাকেশ পাল ।
চাকৰিৰ পৰা বৰ্খাস্ত হয় ধনৰ বিনিময়ত নিযুক্তি লাভ কৰা বহু এপিএছ বিষয়া । লগতে গ্ৰেপ্তাৰো হ’ব লগা হয় । এই চক্ৰান্তত জড়িত বহু বিষয়া এতিয়াও ৰঙাঘৰৰ আলহী । ৰাকেশ পালৰ সময়ত হোৱা বিয়াগোম দুৰ্নীতিয়ে লোক সেৱা আয়োগৰ স্বচ্ছতা সন্দৰ্ভত মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।
অৱশ্যে পৰৱৰ্তী সময়ত লোক সেৱা আয়োগক পুনৰ বিশ্বাসযোগ্য কৰাৰ প্ৰয়াস চলোৱা হয় । যাৰ ফলত এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা ঘূৰি আহে । মেধা সম্পন্ন পৰীক্ষাৰ্থীয়ে পুনৰ এপিএছচিত উত্তীৰ্ণ হৈ ৰাজ্যৰ প্ৰশাসনিক দিশত সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় ।
এতিয়া নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আগন্তুক দিনত অসম লোক সেৱা আয়োগে কি দৰে আগুৱাই যাব সেইটো লক্ষণীয় হ’ব ।
লগতে পঢ়ক : অংকিতা দত্তলৈ অন্যায়ভাৱে চমন জাৰি কৰাৰ অভিযোগ যুৱ কংগ্ৰেছৰ