গুৱাহাটী, 9 জুন: মহানগৰীত এইবাৰ আমৰ আচাৰৰ নতুন সোৱাদ দিব তিনি ব্যৱসায়ীয়ে ৷ এতিয়াৰে পৰা আপুনি আমৰ আচাৰ বিচাৰি হাবাথুৰি খাব নালাগে ৷ কিয়নো মহানগৰীৰ ফাঁচীবজাৰত আৰম্ভ হৈছে আমৰ আচাৰ বনোৱাৰ এক নতুন ট্ৰেণ্ড ৷ সেই অনুসৰি আপুনি মাত্ৰ তিনিশ টকা ব্যয় কৰিয়েই নিব পাৰিব পাঁচ কেজি আমৰ আচাৰ ৷ উল্লেখ্য যে, নতুন সোৱাদৰ এই আচাৰ বিক্ৰেতাই বনাই দিব আপোনাৰ সন্মুখতেই ৷ এনেদৰেই মহানগৰীত উপলব্ধ হৈছে আমৰ আচাৰৰ নতুন সোৱাদৰ ট্ৰেণ্ড ৷ ব্যৱসায়ী কেইজনে বিহাৰৰ পৰা আম আনি অসমৰ গ্ৰাহকক দিছে আচাৰৰ সোৱাদ ৷ মূলত: আচাৰৰ বাবেই উপযুক্ত এই আমৰ আছে এক অনন্য সোৱাদ ৷ কম সময়তে বনাই দিয়া আমৰ আচাৰৰ নতুন সোৱাদ ল’বলৈ বহু গ্ৰাহকে ক্ৰয় কৰিছে ৷
লগতে পঢ়ক: জু-ৰোড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আটক শিক্ষক
অসমৰ ভিন্ন প্ৰান্তৰ বহুলোকে নতুন ট্ৰেণ্ডৰ আচাৰ বিচাৰি ইতিমধ্যে ভিৰ কৰিছেহি ৷ আশা কৰা হৈছে এই নতুন ট্ৰেণ্ডে ব্যাপক বজাৰ দখল কৰিব অনাগত দিনত ৷