ETV Bharat / state

Traffic Rule in Guwahati: দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট - Guwahati traffic rule

1 ডিচেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য হ’ব নতুন যান-বাহন নীতি ৷ এতিয়াৰে পৰা দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট ৷ চাৰিচকীয়া বাহনত চিটবেল্ট লগোৱা বাধ্যতামূলক ৷ নহ’লে ভৰিবলাগিব জৰিমণা ৷

as_ghy_02_double_helmet_must_in_guwahati_7209925
Traffic Rule in Guwahati: দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পিন্ধা বাধ্যতামূলক
author img

By

Published : Nov 16, 2021, 12:16 PM IST

গুৱাহাটী, 16 নৱেম্বৰ : এতিয়াৰে পৰা দুচকীয়া বাহনত যাত্ৰা কৰিলে চালকৰ লগতে আৰোহীয়েও পিন্ধিব লাগিব হেলমেট ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু কেন্দ্ৰীয় মটৰ পৰিবহণ আইন অনুসৰি দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ’ব এই নতুন নিয়ম ৷

as_ghy_02_double_helmet_must_in_guwahati_7209925
দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পিন্ধা বাধ্যতামূলক

ইয়াৰ উপৰিও চাৰিচকীয়া ব্যক্তিগত বা ভাড়াৰ বাহনৰ চালক আৰু যাত্ৰী সকলোৱে ছিটবেল্ট ব্যৱহাৰ কৰাটোও বাধ্যতামূলক কৰা হৈছে ৷ দুৰ্ঘটনা প্ৰতিৰোধ কৰা তথা দুৰ্ঘটনা সংঘটিত হ’লেও যাতে হতাহতৰ সংখ্যা ৰোধ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহন বিভাগে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ সকলো চালক-আৰোহীয়ে যাতে এই সুৰক্ষা বিধিসমূহ মানি চলিহে ৰাজপথত বাহন চলায় তাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিৱহণ (প্ৰৱৰ্তক) কাৰ্যালয়ে সকলোকে আহ্বান জনাইছে ৷

এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা (প্ৰৱৰ্তক) পৰিবহণ বিষয়াৰ কার্যালয়ে গুৱাহাটীৰ জি এছ ৰোডৰ গণেশগুৰিত সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে অভিযান চলোৱাও পৰিলক্ষিত হৈছে । জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত কাৰ্যালয়ৰ প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে চলোৱা অভিযানত দুচকীয়া বাহনৰ চালকসকলৰ দৰে পাছত বহি যোৱা আৰোহী জনেও যাতে হেলমেট পিন্ধিহে যাত্ৰা কৰে তাৰ বাবে আহ্বান জনোৱা হয় ৷

এই নিয়ম উলংঘা কৰিলে যিজনৰ নামত বাহনখন পঞ্জীয়ন হৈ আছে তেওঁৰ পৰা নূন্যতম 1000 টকাৰ জৰিমনা বিহা হ'ব বুলিও অভিযানকাৰী দলটোৱে সকলোকে অৱগত কৰে ৷

লগতে পঢ়ক : Maligaon Foot Bridge : দুবছৰে পদদলংখন চোৱাচিতা কৰা নাই উন্নয়ন প্ৰাধিকৰণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.