গুৱাহাটী, ২৯ অক্টোবৰ: ষট পূজা উপলক্ষে গুৱাহাটীৰ মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে নতুন নিৰ্দেশনা (Chhath Puja)। দেওবাৰ আৰু সোমবাৰে মহানগৰীৰ বহুকেইটা পথত যান-বাহন চলাচলৰ পথ সলনি কৰা হৈছে । শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আয়ুক্ত (DCP) হিৰণ্য কুমাৰ বৰ্মনে কয় যে ষট পূজা উপলক্ষে মহানগৰীত যাতে যান জঁটৰ সৃষ্টি নহয় তাৰ বাবে মহানগৰীৰ যান বাহন চলাচলত নীতি নিৰ্দেশনা দিয়া হৈছে (new traffic guidelines in Guwahati for Chhath Puja)।
দেওবাৰে দিনৰ ১ বজাৰ পৰা সন্ধিয়া পূজাথলীৰ পৰা ভক্ত সকল ঘৰমুৱা নোহোৱালৈকে আৰু ৩১ অক্টোবৰ নিশা ১ বজাৰ পৰা পুৱা পূজাথলীৰ পৰা ভক্তসকল ঘৰমুৱা নোহোৱা পৰ্যন্ত যানবাহন চলাচলত বাধা নিষেধ বাহাল থাকিব । তেওঁ কয় যে উক্ত সময়চোৱাত এপ’ল পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টলৈ এম জি পথেৰে ভক্ত কঢ়িওৱা বাহনৰ বাহিৰে অন্য বাহন চলাচল কৰিব নোৱাৰিব। ইপিনে ভৰলুমুখ দিশৰ পৰা পাণবজাৰ-চানমাৰি অভিমুখী চিটিবাছকে ধৰি অন্য সকলো বাহন এ’পল পইণ্টৰ পৰা টিআৰপি ৰোড হৈ এইচবি ৰোডেৰে এন.বি হল পইণ্টৰ বাওঁদিশে ঘূৰি এফচি ৰোড, টয়াবুল্লাহ ৰোড আৰু জিএনবি ৰোডেৰে নিজৰ গন্তব্য স্থানলৈ যাব পাৰিব ।
আনহাতে চানমাৰী দিশৰ পৰা জালুকবাৰী দিশত যাব লগা বাহনসমূহ টিচি পইণ্ট হৈ জিলা পুথিভঁৰাল, আৰ বি আই পইণ্ট হৈ পাণবজাৰ উৰণীয়া সেতু নৰ্থ পইণ্ট হৈ এ.টি ৰোডেৰে আঠগাঁও উৰণীয়া সেতু হৈ নিজৰ গন্তব্য স্থানলৈ যাব পাৰিব । টিচি পইণ্ট জিএনবি ৰোড হৈ পাণবজাৰ ফাঁচী বজাৰ লৈ আহিব লগা লঘু বাহনসমূহ এম এল এন ৰোড হৈ এইচ বি ৰোডেৰে যাব পাৰিব । উজানবজাৰ-লতাশিল দিশৰ পৰা ভৰলু অভিমুখী লঘু বাহনসমূহ বি চি ৰোড, তৈয়াবুল্লাহ ৰোড, জিএনবি ৰোড হৈ এ টি ৰোডেৰে যাব পাৰিব ।
খানাপাৰাৰ পৰা ভৰলু হৈ জালুকবাৰী অভিমুখী চিটি বাছসমূহ পাণবজাৰ উৰণ সেতুৰ ছাইথ পইণ্ট হৈ এটি ৰোডেৰে চলাচল কৰিব পাৰিব । জালুকবাৰী ফালৰ পৰা অহা আন্তঃজিলা বাছসমূহ গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ আইএছবিটিলৈ যাব পাৰিব । ভক্ত কঢ়িওৱা বাহন অৱশ্যে আহিব পাৰিব । দেওবাৰে পুৱা ৯বজা পৰা ৩১ অক্টোবৰ পুৱা ৯বজালৈ ২৭নং ৰাষ্ট্ৰীয় ঘাই পথ, চন্দ্ৰপুৰ, পানীখাইটি আদি দিশৰ পৰা বাণিজ্যক সামগ্ৰী কঢ়িওৱা বাহন মহানগৰীৰ ভিতৰত প্ৰৱেশত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে(new traffic guidelines in Guwahat) ।