গুৱাহাটী, 24 মে': শক্তিপীঠ কামাখ্যালৈ অহা দৰ্শনাৰ্থী সকলে যাতে সুন্দৰ ভাৱে কামাখ্যা দৰ্শন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যাৰ যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে (New traffic arrangement in Kamakhya temple) । কিয়নো এই সময়ছোৱাত বহু দৰ্শনাৰ্থী কামাখ্যা মন্দিৰলৈ আহে ।
মঙলবাৰে কামাখ্যাত মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত পশ্চিম গুৱাহাটী মণ্ডলৰ DCP নৱনীত মহন্ত (DCP east zone Nabanit Mahanta) আৰু যানবাহন শাখাৰ DCP হিৰণ্য কুমাৰ বৰ্মনে (DCP traffic Hiranya Kumar Barman) কয় যে কামাখ্যা মন্দিৰলৈ যোৱা লঘূ যান-বাহনসমূহ কামাখ্যাৰ স্থায়ী পাৰ্কিঙলৈ যাব পাৰিব । আনহাতে দূৰণিবটীয়া বাছসমূহ কামাখ্যাৰ ASTC বাছ আস্থানত ৰখাব লাগিব ।
কালীপুৰত বাছসমূহ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । পথৰ দাঁতিত থকা নিৰ্ধাৰিত স্থানত এখন এখনকৈ ৰাখিব পাৰিব বাহন । ইপিনে মা বগলা মন্দিৰৰ সমীপত VIP-VVIP পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ।
প্ৰয়োজন নহ'লে হৰ্ন বজাই পৰিৱেশ বিনষ্ট নকৰিবলৈ, গাড়ী পাৰ্ক কৰি চালক দূৰলৈ নাযাবলৈ, নিৰ্ধাৰিত নিয়ম মানি মাৰ মন্দিৰ দৰ্শন কৰাৰ বাবে আহ্বান জনায় আৰক্ষীয়ে । কাইলৈৰ (বুধবাৰ)পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম । এই যান-বাহন নিয়ম স্থায়ীভাৱে গ্ৰহণ কৰা হৈছে । অম্বুবাচী মেলাৰ সময়ছোৱাত নতুন পথ নিৰ্দেশনা দিয়া হ'ব বুলিও সংবাদমেলত প্ৰকাশ কৰা হয় ।
লগতে পঢ়ক: মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষীৰ তদন্ত আৰম্ভ