ETV Bharat / state

অসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ

author img

By

Published : Jan 3, 2020, 4:00 AM IST

অসম ৰাজ্যিক চিৰিয়াখানাৰ তৃণভোজী জন্তুবোৰৰ বাবে এতিয়াৰে পৰা চিৰিয়াখানা চৌহদত উৎপাদন কৰা হ’ব ঘাঁহ । এক বিশেষ যন্ত্ৰৰ দ্বাৰা এমাহৰ ভিতৰতে উৎপাদন কৰিব পৰা যাব ঘাঁহ ৷ এই যন্ত্ৰটি ক্ৰয়ৰ বাবে গুৱাহাটী শোধানাগাৰে বৃহস্পতিবাৰে চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰদান কৰে ৩১,২৯,৩৯৫ টকাৰ চেক ৷ লগতে চলিত বৰ্ষত নতুন জীৱজন্তু অনাৰ পৰিকল্পনা যুগুত কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷

অসম ৰাজ্যিক চিৰিয়াখানা
হিটাৰ ব্যৱহাৰ

গুৱাহাটী,2 জানুৱাৰীঃ বছৰৰ আৰম্ভণিতে এটি সুখবৰ ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ তৃণভোজী জন্তুবোৰৰ বাবে এতিয়াৰে পৰা চিৰিয়াখানা চৌহদত উৎপাদন কৰা হ’ব ঘাঁহ । এক বিশেষ যন্ত্ৰৰ দ্বাৰা এমাহৰ ভিতৰতে উৎপাদন কৰিব পৰা যাব ঘাঁহ ৷ এই যন্ত্ৰটি ক্ৰয়ৰ বাবে গুৱাহাটী শোধানাগাৰে বৃহস্পতিবাৰে চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰদান কৰে ৩১,২৯,৩৯৫ টকাৰ চেক ৷ এই প্ৰসংগত গুৱাহাটী শোধানাগাৰ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ মাজত স্বাক্ষৰিত হোৱা এক চুক্তি অনুসৰি টকাখিনি প্ৰদান কৰে শোধনাগাৰ কৰ্তৃপক্ষই ৷ চি আৰ এছৰ অধীনত গুৱাহাটী শোধনাগাৰে প্ৰদান কৰা উক্ত ধনেৰে চিৰিয়াখানাই ক্ৰয় কৰিব বিশেষ যন্ত্ৰটি । যন্ত্ৰটোৰ জৰিয়তে এতিয়াৰে পৰা উৎপাদন কৰিব পৰা যাব ঘাঁহৰ লগতে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ।

অসম ৰাজ্যিক চিৰিয়াখানা
শীতৰ পৰা ৰক্ষা পাবলৈ চিৰিয়াখানাত ব্যৱহাৰ হিটাৰ

যন্ত্ৰৰ জৰিয়তে উৎপাদন কৰা ঘাঁহ পুষ্টিকৰ হ’ব বুলি জানিবলৈ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ সমান্তৰালভাৱে চিৰিয়াখানা চৌহদ সেউজীকৰণ আৰু অন্যান্য উন্নয়নমূলক কাম সম্পন্ন কৰা হ’ব উক্ত ধনেৰে । চুক্তি স্বাক্ষৰ অনুষ্ঠানটোত বন মন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যৰ বন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু শোধানাগাৰ কৰ্তৃপক্ষ ৷ উল্লেখ্য যে,চলিত বছৰত চিৰিয়াখানালৈ কেইবাটাও নতুন জন্তু অনাৰ পৰিকল্পনা কৰিছে বন বিভাগে ৷

ইফালে ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাত শীতৰ পৰা বচাবলৈ চিৰিয়াখানাৰ জীৱ-জন্তুৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা ৷ দৈনিক সৰ্বাধিক তাপমাত্ৰা ১০-১২ ডিগ্ৰী ছেলচিয়াছলৈ হ্ৰাস পোৱাত স্বাভাৱিকতে সমস্যাৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত ৷ লগতে জীৱ-জন্তুৰ জীৱনশৈলীতো পেলাইছে প্ৰভাৱ ৷ চিৰিয়াখানা কৰ্তৃপক্ষই জীৱ-জন্তুবোৰক শীতৰ পৰা ৰক্ষা পাবলৈ খেৰৰ চালি সাজি দিছে ৷ সিংহ,ভালুক,নাহৰফুটুকী,হৰিণা আদি জন্তুৰ বাবে গৰম হিটাৰৰ ব্যৱস্থাও কৰা হৈছে । পূৰ্বে চিৰিয়াখানা কৰ্তৃপক্ষই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱ-জন্তুৰ বাবে বিশেষ সা-সুবিধা গ্ৰহণ কৰাৰ নজিৰ আছে ৷

বিশেষ যন্ত্ৰৰ সহায়ত ঘাঁহ উৎপাদন

বিগত বৰ্ষত চিৰিয়াখানালৈ জিৰাফ,সিংহ,বাঘ,মগৰ,দেওঁ-ছাগলী,ছাৰছ,ক’লা ৰাজহাঁহ,সোণালী মেকুৰী আদি জীৱ-জন্তুকে ধৰি বিভিন্ন প্ৰকাৰৰ পক্ষী বাহিৰৰ পৰা অনা হৈছিল । চলিত বৰ্ষতো মেচুৰৰ পৰা এযোৰ জেব্ৰা,ইণ্ডোনেছিয়াৰ পৰা এযোৰ চিম্পাঞ্জী আৰু কলকাতাৰ পৰা জিৰাফ অনাৰ পৰিকল্পনা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ ইফালে বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পৰৱৰ্তী দুদিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

লগতে চাওকঃজোনাইৰ ৰায়াংকুলি উপ-স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থাই উদঙালে বিকশিত অসমৰ স্বাস্থ্যখণ্ডৰ প্ৰতিচ্ছৱি

Intro:অসম ৰাজ্যিক চিৰিয়াখানাৰ তৃণভোজী জন্তু সকলৰ বাবে এতিয়াৰে পৰা চিৰিয়াখানাত উৎপাদন কৰা হ'ব ঘাঁহ। এক বিশেষ যন্ত্ৰৰ দ্বাৰা চিৰিয়াখানাত এমাহৰ ভিতৰত উৎপাদন হ'ব ঘাঁহ। গুৱাহাটী শোধনাগাৰে বিশেষ যন্ত্ৰৰ ক্ৰয়ৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰদান কৰিলে ৩১ লাখ ২৯ হাজাৰ ৩৯৫ টকাৰ চেক।

Body:বৃহস্পতিবাৰে গুৱাহাটী শোধনাগাৰ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ মাজত স্বাক্ষৰিত হোৱা এক বুজাবুজি চুক্তি অনুসৰি গুৱাহাটী শোধনাগাৰে চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰদান কৰিলে ৩১ লাখ ২৯ হাজাৰ ৩৯৫ টকাৰ চেক। চি আৰ এছৰ অধীনত গুৱাহাটী শোধনাগাৰে প্ৰদান কৰা উক্ত ধনেৰে চিৰিয়াখানাই ক্ৰয় কৰিব এক বিশেষ যন্ত্ৰ। এই যন্ত্ৰৰ জৰিয়তে এতিয়াৰে পৰা চিৰিয়াখানাত থকা তৃণভোজী জন্তু সকলৰ বাবে চিৰিয়াখানাই উৎপাদন কৰি ঘাঁহৰ লগতে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ। এই বিশেষ যন্ত্ৰৰ জৰিয়তে চিৰিয়াখানাৰ তৃণভোজী জন্তু সকলৰ খাদ্যৰ বাবে উৎপাদন কৰা ঘাঁহ আৰু অন্যান্য উদ্ভিদ সমূহ অধিক পুষ্টিকৰ হ'ব বুলি জানিবলৈ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবাধ্যই। ঘাঁহ আৰু বিভিন্ন উদ্ভিদ উৎপাদন কৰা যন্ত্ৰ ক্ৰয়ৰ লগতে গুৱাহাটী শোধনাগাৰে চিৰিয়াখানাৰ কৰ্তৃপক্ষক প্ৰদান কৰা উক্ত ধনেৰে চিৰিয়াখানা সেউজিকৰণ লগতে অন্যান্য উনয়নমূলক কামো সম্পন্ন কৰা হ'ব।

বাইট : পৰিমল শুক্লবাধ্যই, বনমন্ত্ৰী

Conclusion:চুক্তি স্বাক্ষৰ অনুষ্ঠানত বনমন্ত্ৰীৰ লগতে উপস্থিত থাকে বন বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া আৰু গুৱাহাটী শোধনাগাৰৰ বিষয়া সকল। উল্লেখ্য যে চলিত বছৰত চিৰিয়াখানাত কেইবাটাও নতুন জন্তু অনাৰো পৰিকল্পনা কৰিছে বন বিভাগে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.