গুৱাহাটী, ৪ জুলাই : ৰাজ্যৰ চাহ উদ্যোগ সমূহে অৰ্থ'ডক্স আৰু বিশেষ গুণসম্পন্ন চাহ উৎপাদন কৰাৰ ক্ষেত্ৰত উদগনি জনাবলৈ দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এক বিশেষ উদগনিমূলক আঁচনি । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই আঁচনিখন মুকলি কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ভাৰতীয় চাহ ব'ৰ্ডৰ অধ্যক্ষ প্ৰভাত বেজবৰুৱা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাও উপস্থিত থাকে ।
এতিয়াৰে পৰা চৰকাৰে মুকলি কৰা এই নতুন আঁচনিখনৰ সুবিধা ল’ব পাৰিব অসমৰ চাহ উদ্যোগীয়ে । এই আঁচনিৰ অধীনত অৰ্থ'ডক্স চাহ উৎপাদনৰ বাবে নতুন যন্ত্ৰপাতি ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰে ২৫ শতাংশ পৰ্যন্ত ৰাজসাহায্য আগবঢ়াব । অৰ্থ'ডক্স আৰু গ্ৰীণ টিৰ ক্ষেত্ৰত প্ৰতি কিলোগ্ৰামত তিনি টকাকৈ ৰেহাই দিব চৰকাৰে । যদিহে কোনো উদ্যোগৰ কাৰ্যকৰী মূলধনৰ পৰিমাণ ২০ লাখৰ অধিক হয় তেন্তে তেনে উদ্যোগলৈ চৰকাৰে তিনি শতাংশ ৰেহাই আগবঢ়াব ।
উল্লেখযোগ্য যে, সম্প্ৰতি অসমে বাৰ্ষিক ১১ শতাংশ অৰ্থ'ডক্স আৰু ৮৯ শতাংশ চিটিচি চাহ উৎপাদন কৰি আহিছে । আজি মুকলি কৰা এই উদগনিমূলক আঁচনিখন আগন্তুক তিনি বছৰৰ বাবে বাহাল থাকিব ।
একেদৰে দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ "স্বাধীনতাৰ পিছৰে পৰা অসমত বহু চৰকাৰ আহিল আৰু গ’ল । কিন্তু খিলঞ্জীয়া মুছলমান সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে এইদৰে কোনেও কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল’’ ।
দেওবাৰে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ প্ৰায় ডেৰ শতাধিক বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিৰ সৈতে "আলাপ আলোচনা" শীৰ্ষক এক বৈঠকত ভাগ লোৱাৰ পিছত এইদৰে মন্তব্য কৰে খিলঞ্জীয়া মুছলমান সমাজৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ "আলাপ আলোচনা" ত কি ক’লে বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিয়ে