ETV Bharat / state

ৰাজ্যবাসীৰ সমুখত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশাৱলী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পুনৰ প্ৰকাশ কৰিছে ক’ভিড প্ৰট’কল সম্পৰ্কীয় এক নতুন নিৰ্দেশাৱলী ৷ 5 মে’ৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশাৱলী ৷

NEW SOP OF ASSAM ETV BHARAT NEWS
ৰাজ্যবাসীৰ সমুখত ক’ভিড প্ৰটক’ল সম্পৰ্কীয় নতুন নিৰ্দেশনাৱলী
author img

By

Published : May 4, 2021, 6:28 PM IST

নিউজ ডেস্ক,4 মে’: মঙলবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পুনৰ প্ৰকাশ কৰিছে ক’ভিড 19 সম্পৰ্কীয় এক নতুন নিৰ্দেশনাৱলী ৷ এই নিৰ্দেশাৱলীত সন্নিৱিষ্ট কৰা হৈছে কেতবোৰ নতুন নিৰ্দেশনা ৷

নিৰ্দেশাৱলী অনুযায়ী কি কৰিব লাগিব:

  • সকলো বিপণী আৰু বাণিজ্যিক প্ৰতিষ্ঠান দুপৰীয়া 2 বজাত বন্ধ কৰিব লাগিব ৷
  • সকলো ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় দুপৰীয়া 2 বজাৰ পিছত বন্ধ থাকিব ৷ অৱশ্যে অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা প্ৰদান কৰা অনুষ্ঠানৰ বাবে এই নিয়ম প্ৰযোজ্য নহয় ৷ আইন প্ৰৱৰ্তনকাৰী সেৱা আৰু নিৰ্বাচনী কামৰ বাবেও প্ৰযোজ্য নহ'ব এই নিয়ম ৷
  • মুকলি অথবা বন্ধ স্থানত কোনো ধৰণৰ সভা অথবা ভীৰ জমা হোৱাৰ অনুমতি দিয়া নহ'ব ৷
  • বিবাহৰ বাবে সৰ্বাধিক 20 জন (বিশ) ব্যক্তিৰ উপস্থিতিৰ সৈতে কেৱল মাংগলিক কাৰ্যৰ অনুমতি দিয়া হ'ব । বিবাহৰ আগতে বা পিছত কোনো ধৰণৰ অভ্যৰ্থনা অনুষ্ঠানৰ অনুমতি দিয়া নহ'ব ৷
  • সকলো ধৰ্মীয় স্থানত যিকোনো সময়তে পাঁচজনতকৈ অধিক ব্যক্তিৰ সমাগমৰ অনুমতি দিয়া নহ'ব ৷
  • অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলৰ বাহিৰে সকলো লোকক সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ ৰাজহুৱা স্থানত বিচৰণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব ।
  • জিলা দণ্ডাধীশ আৰু আৰক্ষী আয়ুক্ত গুৱাহাটীয়ে চিআৰপিচিৰ (ধাৰা 144) অধীনত নিৰ্দেশ জাৰি কৰিব পাৰিব ।
  • ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি 2 বজালৈকে ডাইন-ইন গ্ৰাহকসকলৰ সেৱা কৰিব পাৰিব । আবেলি 6 বজালৈকে খাদ্যৰ হোম ডেলিভাৰীসহ টেকৱেৰ অনুমতি দিয়া হৈছে ৷ যাৰ পিছত কেৱল হোম ডেলিভাৰীৰহে অনুমতি দিয়া হ'ব ।
  • হোটেল বা ৰিজ’ৰ্টৰ ভিতৰত চলি থকা ৰেষ্টুৰেণ্টবোৰে আবেলি 2 বজালৈকে বাহিৰৰ গ্ৰাহকক আপ্যায়ন কৰিব পাৰিব । অৱশ্যে, হোটেল/ৰিজ’ৰ্টৰ আভ্যন্তৰীণ অতিথিসকলক ভোজন কৰিবলৈ অনুমতি দিয়া হ'ব ।
  • ই-কমাৰ্চৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণত ক’ভিড প্ৰট’কল পালন কৰি চলি থাকিব ৷
  • আবেলি 2 বজাৰ পিছতো শীতল ভঁৰাল আৰু ৱেৰ হাউচসমূহ চলি থাকিব পাৰে । অৱশ্যে এই ৱেৰহাউচ বা শীতল ভঁৰালৰ সৈতে সংলগ্ন বিক্ৰী কাউণ্টাৰ, শ্ব'ৰুম আদি আবেলি 2 বজাৰ পিছত চলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
  • জিলা দণ্ডাধীশসকলে এটা এলেকা বা চহৰ অথবা এখন জিলা আৰু ইয়াৰ অংশবোৰ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰিব যদিহে এনে এলেকাবোৰত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা এসপ্তাহত 10% বা অধিক হয় ৷ অথবা হাস্পতালত অক্সিজেন সমৰ্থিত বা আইচিইউৰ বিচনা 60% তকৈ অধিক ভৰ্তি হয় । কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ ক্ষেত্ৰত জিলাসমূহক 25 এপ্ৰিলত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি কঠোৰ প্ৰতিবন্ধকতা বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, এই নিৰ্দেশাৱলী 5 মে’ৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব ৷ তদুপৰি পৰৱৰ্তী নিৰ্দেশাৱলী প্ৰকাশ নোপোৱা পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব ।

লগতে পঢ়ক: অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.