ETV Bharat / state

ষঠ পূজা আৰু ৰাস মহোৎসৱকলৈ ৰাজ্য চৰকাৰৰ নতুন এছ অ' পি জাৰি

author img

By

Published : Nov 9, 2021, 6:23 PM IST

ষঠ পূজাৰ সময়ত এটা পৰিয়ালৰ পাঁচজন লোকক ঘাটত উপস্থিত থকাৰ অনুমতি । ঘাটত উপস্থিত থকা লোক সকলে মানি চলিভলাগিব ক’ভিড প্ৰট’কল । ৰাসৰ বাবে গ্ৰহণ কৰিব লাগিব জিলা প্ৰশাসনৰ অনুমতি ।

new-sop-for-chath-puja-and-raas-festival-by-state-government
ষঠ পূজা আৰু ৰাস মহোৎসৱকলৈ ৰাজ্য চৰকাৰৰ নতুন এছ অ' পি জাৰি

গুৱাহাটী,৯ নবেম্বৰ : দুৰ্গা পূজাৰ পাছত এইবাৰ ষঠ পূজা আৰু ৰাস মহোৎসৱক কেন্দ্ৰ কৰি মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা তথা এছ অ’ পি । ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি অনুসৰি ষঠ পূজা অনুষ্ঠিত হ’বলগীয়া নৈ ঘাট সমূহ চিনাক্ত কৰি চেনিটাইজ কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

new sop for chath puja and raas festival by state government

এইক্ষেত্ৰত পূজা কমিটিৰ তৰফৰ পৰা স্বেচ্ছাসেৱক নিয়োগ কৰি কি কৰিব লাগিব আৰু কি কৰিব নালাগিব সেই সম্পৰ্কত জনসাধাৰণক অৱগত কৰাৰ বাবেও এছ অ’ পিত উল্লেখ কৰা হৈছে । ষঠ পূজাৰ সময়ত এটা পৰিয়ালৰ পাঁচজন লোকক ঘাটত উপস্থিত থকাৰ অনুমিত দিয়া হৈছে । ঘাটত উপস্থিত থকা লোক সকলে ক’ভিড প্ৰট’কল মানি চলিব লাগিব ।

ষঠ পূজাৰ সময়ত কোনো মেলা বা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব । তদুপৰি, পূজা কমিটি সমূহক কোনো অস্থায়ী দোকান পাতিবলৈ অনুমতি নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । পূজাৰ আয়োজক সমিতিৰ লোক সকল এপালি ক’ভিড ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব ।

আনহাতে, ৰাস মহোৎসৱক লৈ দিয়া নিৰ্দেশনা অনুসৰি ৰাস কমিটি সমূহে নিৰ্দিষ্ট জিলা প্ৰশাসনৰ অনুমতি গ্ৰহণ কৰিব লাগিব । জিলা প্ৰশাসনে ৰাস কমিটিক অনুমতি প্ৰদান কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৱলী সমূহ কমিটিৰ লোকক বুজাই দিব লাগিব ।

ৰাজ্য চৰকাৰৰ এছ অ’ পি অনুসৰি ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰ উৰ্ধৰ লোক সকলক ৰাস মহোৎসৱত উপস্থিত নাথাকিবলৈ কোৱা হৈছে । ৰাস মহোৎসৱ আৰম্ভ হোৱাৰ ৪৮ ঘণ্টা পূৰ্বে ৰাস কমিটিৰ সকলো সদস্য আৰু স্বেচ্ছাসেৱকক ক’ভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এইক্ষেত্ৰত কোনো স্বেচ্ছাসেৱক ক’ভিড প’জিটিভ হ’লে ৰাস কমিটিয়ে তেওঁলোকক অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনোৱা হৈছে ।

ইপিনে ৰাস মহোৎসৱৰ প্ৰৱেশদ্বাৰত দৰ্শনাৰ্থী সকলৰ শৰীৰৰ উষ্ণতা পৰীক্ষা কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে । সেইদৰে ৰাস মহোৎসৱৰ আয়োজক সমিতিয়ে সামাজিক দূৰত্ব মানি চলাৰ বাবে আহল-বহল স্থানৰ ব্যাৱস্থা কৰিব লাগিব । প্ৰৱেশ আৰু প্ৰস্থান পথ সম্পূৰ্ণ ৰূপে পৃথক হ'ব লাগিব । স্বেচ্ছাসৱক সকলে মাস্ক পৰিধান কৰাৰ লগতে নিজৰ হাত চেনিটাইজ কৰিব লাগিব । মাস্ক পৰিধান নকৰা কোনো লোকক ৰাস মহোৎসৱ থলীত প্ৰৱেশৰ অনুমতি নিদিবলৈ ৰাস কমিটিক নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : মুম্বাইত খহি পৰিল অট্টালিকা : 7 জন আঘাতপ্ৰাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.