ETV Bharat / state

আপোনাৰ গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰিব চৰকাৰে - হিমন্ত বিশ্ব শৰ্মা

সৰ্বসাধাৰণৰ গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰিবৰ বাবে প্ৰস্তুত কৰা এখন অভিলাসী আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ হিতাধিকাৰীয়ে ৰেহাই মূল্যত ৱেবছাইটযোগে ঋণ ল'ব পাৰিব গৃহ নিৰ্মাণৰ বাবে ৷ শিক্ষাৰ্থীসকলৰ বাবেও আৰম্ভ কৰে অভিনন্দন নামৰ আন এখন আঁচনি ৷

আপোনাৰ গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰিব চৰকাৰে
author img

By

Published : Sep 25, 2019, 9:58 AM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰঃ দৰিদ্ৰসীমা ৰেখাৰ তলৰ লোকৰ পৰা মধ্য বিত্ত পৰিয়ালৰ লোকৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াৰ পৰা আৰু চিন্তা কৰিব নালাগে ৷ কিয়নো মঙলবাৰে সৰ্বসাধাৰণৰ সুবিধাৰ বাবে গুৱাহাটীৰ নেডফি হাউচত "আপোনাৰ আপোন ঘৰ" আৰু "অভিনন্দন" নামৰ এখন আঁচনিৰ মঙলবাৰে শুভাৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ২০ লাখ বা তাতকৈ কম আয়ৰ পৰিয়ালসমূহে ৰেহাই মূল্যত ঋণ ল'ব পাৰিব এই আঁচনিৰ জৰিয়তে ৷ গ্ৰাহকৰ সুবিধাৰ বাবে ইতিমধ্যে এটা ৱেব ছাইটো মুকলি কৰা হৈছে ৷ হিতাধিকাৰীয়ে বিত্ত বিভাগৰ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব এই সুবিধা ৷ উল্লেখযোগ্য যে, ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা এই আঁচনিখনৰ কাম-কাজ চলিব ২০২০ চনৰ ৩১ মাৰ্চলৈকে ৷ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত সকলো কৰ্মচাৰীয়েই ঋণৰ সুবিধা পাব লগা এই আঁচনিখনৰ জৰিয়তে ঋণ ল'ব খোজা সকল হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা ৷ আয়ৰ প্ৰমাণ পত্ৰ অবিহনে হিতাধিকাৰীয়ে ঋণ ল'ব পাৰিব এই আঁচনিৰ জৰিয়তে ৷

নতুন আঁচনিৰ শুভাৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ

কি কি সুবিধা থাকিব এই আঁচনিত ?

হিতাধিকাৰীসকলে ৫ লাখৰ পৰা ১০ লাখ টকা ঋণ ললে ৰেহাই পাব ১ লাখ টকা । ১০ৰ পৰা ২০ লাখ টকালৈকে লৈকে ডেৰ লাখ টকা ৰেহাই, ২০-৩০ লাখত ২ লাখ টকা ৰেহাই পাব আৰু ৩০-৪০ লাখলৈকে ২.৫০ লাখ টকা ৰেহাই পাব হিতাধিকাৰীয়ে । ৪০ লাখ টকাৰ ওপৰত ঋণ ল'লেও পাব ২.৫০ লাখ টকা ৰেহাই । আপোন ঘৰৰ ঋণ লোৱাসকলে আপোনাৰ আপোন ঘৰৰ ঋণ ল'ব নোৱাৰিব । আঁচনিখনৰ পৰা সৰ্বসাধাৰণ উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব খোজা শিক্ষাৰ্থীসকলৰ বাবে অভিনন্দন নামৰ আন এখন আঁচনিৰো শুভাৰম্ভ কৰে মন্ত্ৰীজনে ৷ এই আঁচনিখনৰ যোগে দৰিদ্ৰ সীমাৰেখাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে চৰকাৰী সাহায্য যুক্ত ঋণ ল'ব পাৰিব ৷

Intro:নেডফি হাউচত "আপোনাৰ আপোন ঘৰ আৰু অভিনন্দন" আঁচনিখনৰ শুভাৰম্ভ আঁচনি খন মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আঁচনিখন উন্মোচন কৰি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰা মধ্য বিত্ত পৰিয়ালৰ লোকে গৃহ নিৰ্মাণৰ বাবে ৰেহাই মূল্যত এই আঁচনিৰ জৰিয়তে ঋণ ল'ব পাৰিব। বাৰ্ষিক আয় হিতাধিকাৰীৰ ২০ লাখ বা তাতকৈ তলত হ'ব লাগিব।

Body:আঁচনি খন ১ এপ্ৰিল ২০১৯ ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আঁচনি আৰম্ভ হৈছে। ৩১ মাৰ্চ ২০২০ লৈকে চলিব আঁচনিৰ কাম কাজ।

এটা ৱেব ছাইট মুকলি কৰা হৈছে। বেংকত ইতিমধ্যে চৰকাৰৰ পৰা ধন সমূহ জমা দি থৈছে। ইচ্ছুকসকলে ৱেবছাইট যোগে ঋণৰ বাবে আবেদন কৰিব লাগিব। বিত্ত বিভাগৰ ৱেবছাইটত গ'লেই হিতাধিকাৰীয়ে ঋণৰ সুবিধা লাভ কৰিব। বেংকলৈ যোৱাৰ প্ৰয়োজন নহয় হিতাধিকাৰীৰ। ঋণ লোৱাসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আয়ৰ প্ৰমাণ পত্ৰ নালাগে। চৰকাৰী বে চৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত সকলো কৰ্মচাৰীয়েই এই ঋণ লওঁতে ৰেহাই লাভ কৰিব।

৫ লাখৰ পৰা ১০ লাখ ঋণ ললে ১ লাখ ৰেহাই পাব। ১০ ৰ পৰা ২০ লাখলৈকে লৈকে ডেৰ লাখ টকা ৰেহাই, ২০-৩০ লাখত ২ লাখ টকা ৰেহাই পাব। ৩০-৪০ লাখলৈকে ২.৫০ লাখ টকা ৰেহাই পাব। ৪০ লাখৰ ওপৰত ল'লেও পাব ২.৫০ লাখ টকাহে ৰেহাই পাব। আপোন ঘৰৰ ঋণ লোৱাসকলে আপোনাৰ আপোন ঘৰৰ ঋণ ল'ব নোৱাৰিব।

Conclusion:ছাত্ৰ ছাত্ৰীৰ ঋণৰ আঁচনিখনৰ নাম অভিনন্দন। অসমত আগতে লোৱা শিক্ষা লোণসমূহৰ হিতাধিকাৰীক ৫০ হাজাৰকৈ টকা সুমুৱাই দিব চৰকাৰে। ৬০ হাজাৰ টকা বা তাৰ ওপৰত ঋণ লোৱা সকলৰ একাউন্টত ভৰাই দিব ৫০ হাজাৰকৈ টকা। বেংকৰ লেন দেন চলি থকা সকলে লাভ কৰিব এই অভিনন্দন আঁচনিৰ ৫০ হাজাৰকৈ টকা। ৬০ হাজাৰতকৈ কম ঋণ পৰিশোধ কৰিব থকাসকলে যিমান খিনি ঋণ থাকিব সেইখিনিয়েই চৰকাৰৰ ফালৰ ঘূৰাই দিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.