গুৱাহাটী, 28 ছেপ্টেম্বৰঃ দেশত বলবৎ হোৱা সংশোধিত যান-বাহন আইনৰ পিছতেই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো আইন অমান্যকাৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে পৰিবহণ বিভাগ তথা যানবাহন আৰক্ষী । এই আইন কাৰ্যকৰী হোৱাৰ পিছতেই প্ৰদূষণ প্ৰমাণ পত্ৰ প্ৰদান কৰা কেন্দ্ৰত ভিৰ কৰিছে বিভিন্নজনে । বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰণ চাৰ্টিফিকেটৰ বাবেই বৰিপাৰাৰ কেন্দ্ৰটো গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । প্ৰতিখন দুচকীয়া বাহনৰ বাবদ ৮৫ টকা আৰু চাৰিচকীয়া বাহনৰ ১১০ টকা মাচুল সাপেক্ষে বাহনসমূহৰ প্ৰদূষণ পৰীক্ষা কৰা হৈ আছে । তাৰোপৰি প্ৰদূষণৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত তাৰিখ বহিৰ্ভূত হোৱা বাহনৰ বাবে ৫০০ টকাৰ জৰিমনা বিহা হৈছে । গ্ৰাহকৰ তুলনাত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ সংখ্যা যথেষ্ট কম হোৱাৰ পৰিপ্ৰেক্ষিতত ঘন্টা পিছত ঘন্টা ধৰি অপেক্ষাৰত ৰাইজে ক্ষোভ ব্যক্ত কৰে ৷ একাংশ ৰাইজে নতুন যান-বাহন আইনক আদৰণি জনোৱাৰ বিপৰীতে চৰকাৰক আৰু পৰ্যাপ্ত বুথৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
নতুন যানবাহন আইনঃ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত গ্ৰাহকৰ হেতা ওপৰা - সংশোধিত যান-বাহন আইনৰ
দেশত বলবৎ হৈছে সংশোধিত যানবাহন আইন । এই আইন কাৰ্যকৰী হোৱাৰ পিছতেই প্ৰদূষণ প্ৰমাণ পত্ৰ প্ৰদান কৰা কেন্দ্ৰত ভিৰ কৰিছে যান-বাহনৰ গৰাকী সকলে ।