গুৱাহাটী, ৪ নৱেম্বত : শেহতীয়াকৈ বিভিন্ন ক্ষেত্রত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম । চেলুন-স্পা-বিউটী পাৰ্লাৰৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পৌৰ নিগমে । গুৱাহাটী পৌৰ নিগমে নিৰ্দিষ্ট চৰ্ত আৰু নিৰ্দেশনাৰ সৈতে মহানগৰীৰ স্পা, বিউটী পাৰ্লাৰ আৰু চেলুনসমূহৰ বাবে ট্ৰেড লাইচেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ।
এই চৰ্ত অনুসৰি পাৰ্লাৰ বা স্পাসমূহৰ ভিতৰত কোনো আছুতীয়া কোঠা বা চেম্বাৰ থাকিব নোৱাৰিব । এই পাৰ্লাৰ, চেলুনসমূহত ট্ৰান্সপেৰেন্ট অৰ্থাৎ ইপাৰ-সিপাৰ দেখা গ্লাছ থকাৰ লগতে যোগ্য থেৰাপিষ্ট নিযুক্ত কৰিব লাগিব । তদুপৰি জাৰি কৰা নিৰ্দেশনা অনুসৰি বিপৰীত লিংগৰ দ্বাৰা থেৰাপী বা মালিচ দিব নোৱাৰিব ৷
সেইদৰে চেলুন, স্পা, বিউটী পাৰ্লাৰ সমূহলৈ যোৱা গ্ৰাহকৰ যোগাযোগ নম্বৰ আদি জমা ৰাখিব লাগিব প্ৰতিষ্ঠানবোৰৰ কৰ্তৃপক্ষই । গুৱাহাটী পৌৰ নিগমে স্পষ্ট কৰি দিছে যে মহানগৰীত কোনো লোকে চেলুন খোলা, বিউটী পাৰ্লাৰৰ বৃত্তি গ্ৰহণ কৰাত কোনো ধৰণৰ আপত্তি নাই ।
কিন্তু নিগম পাব্লিক মৰেলিটী আইনক সন্মান কৰিবলৈ বাধ্য । সেয়েহে কিছুমান নিৰ্দেশনা সাপেক্ষেহে ট্ৰেড লাইচেঞ্চ জাৰি কৰিব । মহানগৰীৰ বিভিন্ন ঠাইত গঢ় লৈ উঠা বহু পাৰ্লাৰ, চেলুন, স্পা আদিৰ ক্ষেত্রত উত্থাপন হোৱা কেতবোৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি পৌৰ নিগমে এনে বিশেষ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ।
ইফালে মহানগৰীত শ্বপিং মল, চিনেমা হল আদিয়ে লৈ অহা পার্কিং মাচুল সন্দৰ্ভত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম । গুৱাহাটী মহানগৰীৰ একাংশ শ্বপিং মল, চিনেমা হলে পার্কিঙৰ নামত অবৈধভাৱে ধন সংগ্রহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ দীর্ঘদিন ধৰি বহুকেইটা শ্বপিং মল আৰু একাংশ চিনেমা হলত পার্কিঙৰ নামত অবৈধভাৱে ধন সংগ্রহ কৰি অহা হৈছে ।
গুৱাহাটী পৌৰ নিগমৰ নীতি-নির্দেশনা উলংঘাৰে শ্বপিং মল আৰু চিনেমা হ'ল কর্তৃপক্ষই পার্কিং মাচুল আদায় লৈ অহা বিষয়টো সন্দর্ভত কঠোৰ স্থিতি গ্রহণ কৰিছে পৌৰ নিগমে । গুৱাহাটী পৌৰ নিগমৰ অনুমতি অবিহনে শ্বপিং মল আৰু চিনেমা হল কর্তৃপক্ষই পার্কিং মাচুল আদায় ল’ব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰিছে । শ্ব’পিং মল আৰু চিনেমা হল কর্তৃপক্ষৰ লগতে ব্যক্তিগতভাৱে পার্কিঙৰ ব্যৱস্থা কৰিলে পৌৰ নিগমৰ অনুমতি লৈহে মাচুল আদায় কৰিব পাৰিব ৷
লগতে পঢ়ক: Village Wine Shop; এতিয়াৰ পৰা গ্ৰাম্যাঞ্চল ৰঙীণ হ’ব বিলাতী সুৰাৰ বটলেৰে !