ETV Bharat / state

ভাৰতীয় সেনাৰ আধাৰত নিৰ্মিত 'কামাণ্ডো' বোলছবিৰ গীত মুকলি

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল 'কামাণ্ডো' বোলছবিৰ শীৰ্ষ গীতটি ৷ আৰ চি ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত গীতটিৰ কথা আৰু সংগীত বুবুল বৰাৰ ৷ অতি শীঘ্ৰে দৰ্শকৰ বাবে মুক্তি লাভ কৰিব এই ছবিখন ৷

author img

By

Published : Dec 5, 2020, 7:29 AM IST

new film song release
মুক্তি পালে 'কামাণ্ডো' বোলছবিৰ শীৰ্ষ গীত

কামৰূপ মেট্ৰ, 5 ডিচেম্বৰ: শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আৰ চি ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত 'কামাণ্ডো' বোলছবিৰ শীৰ্ষ গীতটি উন্মোচন কৰা হয় ৷ গীতটিৰ কথা আৰু সংগীত বুবুল বৰা, সংগীত ব্যৱস্থাপনা বিজয় ভূঞা আৰু কণ্ঠদান কৰিছে ঘন বৰদলৈয়ে । উক্ত ভিডিঅ' গীতটি উন্মোচন কৰে সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা জোনমণি দেৱী খাউণ্ডে । এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰযোজক নুৰ আহমেদ, দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া, স্কাই নিউজৰ বাৰ্তা সম্পাদক নিকুঞ্জ নাথকে প্ৰমুখ্য কৰি বহু সংখ্য়ক গণ্য-মান্য ব্যক্তি ।

উল্লেখ্য যে, ভাৰতীয় সেনা জোৱানৰ ত্যাগ আৰু দেশমাতৃৰ প্ৰতি সেৱাক মূল আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে 'কামাণ্ডো' নামৰ এই ছবিখন । ৰেখা চামুৱাই প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনা কৰিছে ৰুবুল বৰাই, লগতে সংগীত পৰিচালনা কৰিছে বুবুল বৰা, বিজয় ভূঞা আৰু ৰেখা চামুৱাই ।

ইফালে এই ছবিখনৰ অধিকাংশ চৰিত্ৰতে নৱাগত অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব ৷ নৱ প্ৰজন্মৰ শিল্পীসকলক এখন মঞ্চ দিয়াৰ বাবেই ছবিখন নিৰ্মাণ কৰা হৈছে বুলি প্ৰযোজকগৰাকীয়ে উল্লেখ কৰে । ভাৰতীয় সেনা বাহিনীকলৈ নিৰ্মিত ব্যতিক্ৰমী ছবিখন ৰাইজে আদৰি ল'ব বুলিও আশাবাদী পৰিচালক ৰেখা চামুৱাৰ লগতে কলা-কুশলীসকল । ছবিগৃহসমূহ সম্পূৰ্ণৰূপে খোলাৰ পিছতেই দৰ্শকে ছবিখন উপভোগ কৰিব পাৰিব বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে ।

অন্য এক খবৰৰ বাবে: কাৰেন্ট লাগিছে হিমন্তৰ গাত, সেয়ে নাচিছে : আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.