ETV Bharat / state

অপ্ৰতিৰোধ্য কৰ’ণা: ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতি - ৰাজ্য প্ৰশাসনে

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো প্ৰতিদিনে অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ । কৰ’ণাৰ দ্বিতীয় ঢৌৱে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত আতংকময় পৰিৱেশ সূচনাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনে আজিৰে পৰা হোৱাকৈ বলৱৎ কৰিছে নতুন ক’ভিড নীতি । এই ক’ভিড নীতিত সন্নিৱিষ্ট কৰা হৈছে কেতবোৰ নতুন নিৰ্দেশনা ৷

অপ্ৰতিৰোধ্য কৰ’ণা : ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতি

author img

By

Published : May 5, 2021, 8:06 PM IST

নিউজ ডেস্ক,5 মে’: দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ দ্বিতীয় সংক্ৰমণ । এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছিল এখন নতুন ক’ভিড নীতি ৷ এই নতুন ক’ভিড নীতি অনুসৰি সমগ্ৰ ৰাজ্যত বিয়লি ২ বজাত সমূহ দোকান-পোহাৰ বন্ধ কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে ।

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে ৰাজ্যতো প্ৰতিদিনে অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ । ক’ৰণাৰ দ্বিতীয় ঢৌৱে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত আতংকময় পৰিৱেশ সূচনাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনে আজিৰে পৰা হোৱাকৈ বলৱৎ কৰিছে এই নতুন ক’ভিড নীতি । এই ক’ভিড নীতিত সন্নিৱিষ্ট কৰা হৈছে কেতবোৰ নতুন নিৰ্দেশনা ৷

নিৰ্দেশনা অনুসৰি সকলো বিপণী আৰু বাণিজ্যিক প্ৰতিষ্ঠান দুপৰীয়া 2 বজাত বন্ধ কৰিব লাগিব ৷ সকলো ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় দুপৰীয়া 2 বজাৰ পিছত বন্ধ কৰিব লাগিব ৷ এই নিৰ্দেশনাৰ পিছতেই ৰাজ্যত আজি দেখা গ’ল সকলোৱে 2 বজাৰ পূৰ্বেই বন্ধ কৰিলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি সকলো ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয়সমূহ ৷

অপ্ৰতিৰোধ্য কৰ’ণা : ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতি

অৱশ্যে অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা প্ৰদান কৰা অনুষ্ঠানৰ বাবে এই নিয়ম প্ৰযোজ্য নহয় ৷ চিকিৎসা, আইন প্ৰৱৰ্তনকাৰী সেৱাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিয়ম ৷ তাৰোপৰি অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলৰ বাহিৰে সকলো লোকক সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ ৰাজহুৱা স্থানত বিচৰণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

আনহাতে, কৰ’ণা মহামাৰীয়ে ৰাজ্যখনৰ জনসাধাৰণৰো অৰ্থনৈতিক অৱস্থা অতি বিধ্বস্ত কৰি তোলা পৰিলক্ষিত হৈছে । বিগত বৰ্ষৰ লক ডাউনতে কঁকাল ভাঙি পৰা বহু ক্ষুদ্ৰ ব্যৱসায়ী, দৈনিক মজুৰী কৰা লোকসহ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুনৰ নতুন ক’ভিড নীতিৰ দ্বাৰা পুনৰ ক্ষতিগ্ৰস্ত হোৱাটো হৈ পৰিছে নিশ্চিত ।

লগতে পঢ়কঃ ক'ভিড-19 ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ঠাইৰ অভাৱ গুৱাহাটীত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.